প্ৰেমৰ গদ্য তুমি
প্ৰেমৰ গদ্য তুমি
প্ৰেমৰে গদ্য তুমি,
মনতে খাপ খাই গ'লাহি।
মনতে প্ৰেমৰ আশাচিত্র আঁকি,
মনকে জোকাৰি দিলাহি।
হৃদয়ৰ গোপনতে গদ্য লিখি,
হৃদয়তে জ্বলালা আশাদ্বীপ সোণালী।
গদ্যতে সকলো লিখি কৈ দিলা,
কিন্তু,মুখত কিয় একো ক'ব নোৱাৰিলি।
প্ৰেমৰ কল্পনাতে মুখত ফুটে হাঁহি,
প্রেমতে সৃষ্টি হেপাঁহৰ চিকমিকনি।
প্ৰেমৰ উষ্ণতাতে ভৰ কৰি,
জোনাকীত বৰষুণৰ ধপধপনি।
প্ৰেমৰ বলতে জগতৰ সৃষ্টি,
প্রেমতে সকলো বিলিন।
প্রেমকে আদি কৰি,
তোমাকে প্ৰেমৰ গদ্য মানিলোঁ।
শান্তা দাস,
লংকা, হোজাই, অসম

No comments