তুমি
তুমি
মই হেৰাই যাব খোজোঁ
তোমাৰ প্ৰেমৰ লহৰে লহৰে
লক্ষ্যবিহীন এক প্ৰেমৰ লহৰে হেৰাই যাব খোজো
তোমাৰ দুটি নয়নৰ মাজত
এটি দিশহাৰা বিৰহৰ দৰে
হেৰাই যাব খোজো
বিশাল আকাশৰ তলত
মহাসাগৰৰ কোবাল বুকুৰ মাজত
এক দিকভান্ত নাবিকৰ দৰেই
মই শুনিব খোজো
তোমাৰ প্ৰেমৰ উৰ্মিমালা
বতাহৰ প্ৰবাহ
আৰু
আকাশত তৰাই গোৱা গানবোৰৰ দৰেই ।
অজন্তা দও বৰা, নগাওঁ

No comments