ড্ৰাগচ গ্ৰহণ, ইয়াৰ পাৰ্শ্চক্ৰিয়া আৰু সৰবৰাহৰ ভূ-স্বৰ্গ আৰু কৰণীয়

 ড্ৰাগচ গ্ৰহণ, ইয়াৰ পাৰ্শ্চক্ৰিয়া আৰু সৰবৰাহৰ ভূ-স্বৰ্গ আৰু কৰণীয় 

      আজি অসমৰ অন্যতম জ্বলন্ত সমস্যা হৈছে ড্ৰাগচৰ প্ৰচলন প্ৰতিৰোধ। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমত শেহতীয়াকৈ গা-কৰি উঠা ড্ৰাগচৰ প্ৰচলন প্ৰতিৰোধ কৰিবলৈ চৰকাৰে আইন প্ৰণয়ন কৰাৰ লগতে ইয়াৰ সৰবৰাহকাৰীক পুলিয়ে-পোখাই ওভালি পেলাবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। অসম চৰকাৰৰ গৃহ বিভাগৰ প্ৰচেষ্টাত বহু পৰিমাণৰ ড্ৰাগচ জব্দ হোৱাৰ লগতে চোৰাং সৰবৰাহকাৰীও গ্ৰেপ্তাৰ হৈছে। কোনো কোনো সময়ত চোৰাং সৰবৰাহকাৰী একাউণ্টাৰৰ বলিও হৈছে। তথাপি আমাৰ অসমত আজিলৈকে ড্ৰাগচ নিৰ্মূল কৰিব পৰা নাই বা চোৰাং সৰবৰাহকাৰী আৰু উপভোক্তাও কমা নাই। আঁচলতে এই ড্ৰাগচ কি আৰু ইয়াক কিয় সেৱন কৰে? আৰু এই ড্ৰাগচৰ ভূ-চৰ্গ ক'ত? 

      ড্ৰাগচ ৰ অভিধানিক অৰ্থ হ'ল দৰৱ বা ঔষধ। তাৰমানে আমি সকলোৱে ড্ৰাগচ ল‌ওঁ। কিন্তু চৰকাৰে এই ড্ৰাগচ বন্ধ কৰিবলৈ উঠি-পৰি লাগিছে কিয়? আচলতে চৰকাৰে প্ৰতিৰোধ কৰিবলৈ বিচাৰিছে 'নাৰকটিক ড্ৰাগচ্' অৰ্থাৎ নিচাযুক্ত দ্ৰব্য। নাৰ্কটিক ড্ৰাগচ্ মানে হ'ল -যাক খাব পাৰি,হুপিব পাৰি,ঘঁহিব পাৰি আৰু যিয়ে নিচা বা আসক্তিৰ জন্ম দিয়ে , কিন্তু দৰব বা ঔষধ নহয়। তথাপি আজি সমগ্ৰ দেশতেই এই ড্ৰাগচৰ প্ৰচলন বাঢ়িছে আৰু ইয়াৰ আসক্তিত পৰা যুৱক-যুৱতীৰ সংখ্যাও বাঢ়িছে। অসমত ঠায়ে ঠায়ে নিচামুক্ত শিবিৰ বা গৃহ গঢ়ি তোলা হৈছে য'ত নিচাসক্ত যুৱক -যুৱতীক ৰাখি শুশ্ৰূষা কৰা হৈছে। ড্ৰাগচ সেৱন কৰি বহুতো যুৱক-যুৱতিয়ে মৃত্যুক আকোঁৱালি ল'ব লগা হৈছে। 

    অধিকা্ংশ যুৱক যুৱতীয়ে ড্ৰাগচ ব্যৱহাৰৰ বেয়া দিশটো নজনাকৈ কেৱল অনুসন্ধিৎসাৰ বাবে ইয়াক সেৱন কৰে। এটা পুৰণা প্ৰবাদ আছে -অনুসন্ধিৎসাই মেকুৰী মাৰে আৰু নতুন নতুন যুৱক যুৱতীয়ে ইয়াৰ কবলত পৰে আৰু শেষত মৃত্যু মুখত পৰে। মাছে যেনেকৈ প্ৰতিটো টোপতেই খোঁটটো মাৰে, ঠিক তেনেকৈ নিচাসক্ত যুৱক যুৱতীয়েও ড্ৰাগচৰ হাতোঁৰাত ওলাই আহিব নোৱাৰাকৈ বান্ধ খাই পৰে। এইখন এখন মায়াজাল, যি এবাৰ এইখন জালত ভৰি ৰাখে, সি কেতিয়াও সহজে ওলাই আহিব নোৱাৰে। নিচাৰ ৰজা বুলি আফি্ং বুলি জনা যায়। তাৰো বহু কাৰণ আছে। অসমত ঠাই বিশেষে এই আফিংৰ খেতি কৰা দেখা যায়। মণিপুৰত বিপুল পৰিমাণৰ আফিং খেতি হয়। হিৰ‌ইনৰ দৰে শক্তিশালী নিচাযুক্ত ঔষধ আফিংৰ পৰাই তৈয়াৰ কৰা হয়। কেঁচা আফিং দেখিবলৈ মুগা বৰণৰ এঠাজতীয় এবিধ কোমল পদাৰ্থৰ দৰে। খাবলৈ তিতা আৰু ইয়াৰ আছে এটা চিনাকি গোন্ধ। বেছি পৰিমাণে আফিং খালে মৃত্যু নিশ্চিত।‌ 

    আফিং গছৰ উৎপত্তি সম্পৰ্কে এটা আমোদজনক জনশ্ৰুতি আছে। জনশ্ৰুতিমতে বহু দিনৰ আগতে গংগা নদীৰ পাৰত এজন ঋষিৰ আশ্ৰম আছিল। আশ্ৰমত এটা সৰু নিগনিও আছিল। সি মেকুৰীলৈ খুবেই ভয় কৰিছিল। এদিন নিগনিটোৱে ঋষিজনাক হাতযোৰ কৰি ক'লে- মুনিবৰ, মোক আপুনি মেকুৰী বনাই দিয়ক। ঋষিৰ কৃপাত নিগনি মেকুৰী হৈ পৰিল। এইবাৰ তাক আমনি কৰিবলৈ ল'লে কুকুৰে। সেয়ে সি ঋষিৰ ওচৰত খাঁটনি ধৰি কুকুৰৰ ৰূপ ল'লে। কিন্তু তাৰপিছতো তাৰ সমস্যা শেষ নহ'ল। আৰু ঋষিয়ে তাক ইটোৰ পিছত সিটোলৈ ৰূপ সলাই থাকিল। বান্দৰ,ভালুক,হাতী আৰু শেষত এজনী সুন্দৰী গাভৰুৰ ৰূপ দিলে। গাভৰুজনীৰ নাম ৰখা হ'ল পষ্ট'মণি। তাই বিয়া কৰালে এজন ৰজাক। কিন্তু দুদিনমানৰ পিছত গাভৰু কুঁৱা এটাত পৰি মৰি থাকিল। শোকত ম্ৰিয়মান ৰজাই সান্ত্বনা বিচাৰি ঋষিৰ ওচৰ পালেগৈ। ঋষিয়ে ৰজাক প্ৰতিশ্ৰুতি দিলে যে পষ্ট'মণি অমৰ হৈ ৰ'ব। ঋষিয়ে গাভৰুৰ দেহটোক এজোপা গছৰ ৰূপ দিলে আৰু নাম দিলে স্পষ্ট' বা পপী গছ। ঋষিয়ে ৰজাক ক'লে যে সেই পপী নামৰ গছজোপাৰ পৰাই আফিং তৈয়াৰ হ'ব। আৰু মানু্হে ইয়াক খাব । যিয়ে খাব, তাৰ আচৰণ নিগনিৰ দৰে গণ্ডগোলীয়া হ'ব, মেকুৰীৰ দৰে গাখীৰ ভাল পাব, কুকুৰৰ দৰে কাজিয়া কৰিব, বান্দৰৰ দৰে লেতেৰা ,ভালুকৰ নিচিনা বনৰীয়া হিংস্ৰ, হাতীৰ সমান শক্তিশালী আৰু এগৰাকী ৰাণীৰ দৰে উদ্যমী হ'ব।

     এই ড্ৰাগচৰ বজাৰখন সুবিশাল এক ভূ-স্বৰ্গ। পৃথিৱীৰ ভিতৰত খুব বেছি ড্ৰাগচৰড়অবৈধ যোগান চলি থকা অঞ্চলবোৰৰ মাজত আমাৰ ভৌগোলিক অৱস্থান। অবৈধ ড্ৰাগচৰ দুটা ডাঙৰ ঘাঁটি, এফালে দক্ষিণ পূব এচিয়াৰ দেশকেইখন যাক 'সোণালী ত্ৰিভূজ ' ( বাৰ্মা, থাইলেণ্ড,লাওচ) আৰু আনফালে চুবুৰীয়া আৰু মধ্য প্ৰাচ্যৰ তিনিখন যাক 'সোণালী অৰ্ধচন্দ্ৰ ' ( পাকিস্তান, আফগানিস্তান, ইৰাণ) আৰু ইয়াৰ মাজভাগত অৱস্থিত ভাৰতবৰ্ষ হৈ পৰিছে চোৰাং ব্যৱসায়ৰ এখন ঘাই যোগানকাৰী ৰাষ্ট্ৰ। ইয়াৰ বাহিৰেও ভাৰতৰ উত্তৰ দিশত আছে নেপাল ৰাষ্ট্ৰ,য'ৰ পৰা আন্তৰ্জাতিক বজাৰলৈ হোহোৱাই আহি আছে ড্ৰাগচ মাৰিজুৱানা আৰু হাচ্ছী। গতিকে ভাৰতবৰ্ষৰ পৰা ড্ৰাগচৰ চোৰাং সৰবৰাহকাৰীক পুলিয়ে-পোখাই উচন কৰাতো সিমান সহজ নহয়। তথাপি এই মানৱ ধ্বংসকাৰী ড্ৰাগচৰ বজাৰখন বন্ধ কৰিবলৈ আমি চেষ্টা অব্যাহত ৰাখিব লাগিব। নহ'লে যি হাৰত এই নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু সৰবৰাহ হৈ আছে, নৱ-প্ৰজন্ম‌ৰ ওপৰত ইয়াৰ যে বিৰোপ প্ৰভাৱ নপৰিব তাৰ মানে নাই। আহক, আমি সকলোৱে ড্ৰাগচ ৰ অপব্যৱহাৰৰ প্ৰতিৰোধৰ লগতে চোৰাং সৰবৰাহকাৰীক উৎখাত কৰাৰ পণ ল‌ওঁ।


ব্ৰজেন জীৱন


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.