গৰমৰ বন্ধ

 গৰমৰ বন্ধ


সোণালী শৈশৱৰ সেই সোণালী দিনবোৰ

এতিয়া যে মোৰ বাবে সপোন সপোন লগা এটা মূহুৰ্ত

নৈ,চেঁচা পানী লিৰিকি -বিদাৰি

ধুইছিলো বোকাৰে লুতুৰি লুতুৰি হৈ অহা হাত ভৰিবোৰ

পথাৰখন বৰ সোণোৱালী শৈশৱৰ

সঁচা আছিল আমাৰ মনবোৰ

পথাৰৰ খেলপথাৰত ৰবাব টেঙাৰ বলটো সকলোৱে বাবে

কোমল হৈ পৰিছিল

খেলিছিলোঁ সকলোৱে বিভোৰ হৈ

ইফালে এখন হাতত পুৰণি কলিয়া চাইকেলৰ 'টায়াৰ'

আনখন হাতত বাহৰ কামি এডাল,

সপোনৰ পূথিবীখনত শৈশৱৰ কনমাণি আমি।

সেইখনেই আছিল আমাৰ সপোনৰ 'মাৰুতি ভান'

আম,কঠাল,লেটেকু,পনিয়ল আদি

আমাৰ গৰমৰ লগৰী,

কাৱৈ,পঠি ,ৰৌ বৰালি আদি 

খালৈত ভৰাইছিলোঁ

ককা,আইতা ঘৰৰ পুখুৰী সিচি

চোৰ,পুলিচ,,দ'ৰা কইনা ,,,,এদিম চেদিম বাই

চেংগুটি ,,,মাৰ্বল গুটিয়ে 

মাতে ৰিঙিয়ায় ।

ককা -আইতা ঘৰৰ আমগছ জোপা এতিয়া আৰু নাই

বিশাল চিটি শ্ব'ৰূম এটা

সেই ঠাইতে হ'ল পাই এতিয়া ।



অজন্তা দও বৰা, নগাওঁ


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.