পিতাই
পিতাই
প্ৰীতি পংকী গগৈ
কেঁচা ঘাম মাটিত পেলাই
ৰ'দ বৰষুণ কাতি কৰি
পুৱাই কান্ধত নাঙল লৈ
পিতাই পথাৰলৈ ওলাই যায় ।।
পুত্ৰৰ অজস্ৰ টকায়েও
বাধা দিব পৰা নাই পিতাক
গগণচুম্বী অট্টালিকা মোহেও
তলাব পৰা নাই পিতাইক ।।
মাটিৰ মানুহ মাটিয়েই প্ৰিয়
আজোককা দিনৰ মাটিকঠা
পিতায়ে আজিও সাৰুৱা
সোণোৱালী ধানেৰে উপাচাই তোলে ।।
পিতাইৰ দৰে ব্যক্তিৰ বাবেই
দুবেলা দুমুঠিৰে জীয়াই আছে
অজস্ৰ জনতা
জীয়াই আছোঁ তুমি, মই, আমি...
প্ৰীতি পংকী গগৈ

No comments