দিপ্তী মনি গোস্বামী
দিপ্তী মনি গোস্বামী
জন্মৰ চন = ১৯৬৮ চনৰ অক্টোবৰ মাহৰ ১৫ তাৰিখ ( ২৮ আহিন)
জন্ম ঠাই = ধেমাজি জিলাৰ অন্তৰ্গত চিচিবৰ গাওঁ ।
পিতৃ নাম = শ্ৰীযুত জয় কান্ত মহন্ত
মাতৃৰ নাম = ধৰ্মেশ্বৰী মহন্ত
শিক্ষাগত অৰ্হতা = হাইয়াৰ ছেকেণ্ডাৰী পাছ (১৯৮৬চনত)
পেচা = এগৰাকী সাধাৰণ গৃহিণী
নিচা= লিখা আৰু পঢ়া
ভৱিষ্যত পৰিকল্পনা = পৰিকল্পনা বহুত আছে ! (কিন্তু ভগৱানৰ হাতত)
স্কুল কলেজৰ দিনৰ পৰা সাহিত্যৰ লগত জড়িত, ১৯৮৫/৮৬ চনত গল্প আৰু কবিতাৰ পাণ্ডু লিপি একোখন কৈ প্ৰস্তত কৰিও প্ৰকাশ কৰিব পৰা নগ'ল! তাৰ পিছত ১৯৮৯ চনৰ পৰা সাংসাৰিক জীৱনত বন্দী হৈ সকলো সমাধি হ'ল।( মাজে সময়ে ছোৱালী হঁতক স্কুল কলেজত দিবলৈ লিখি দিয়াৰ বাবে) পুনৰ কভিড কালৰ ২০২০ চনৰ পৰা ভগৱানৰ আশীৰ্বাদ ত সুপ্ত ভাৱনা জীৱন্ত হৈ বৰ্তমান এদিনো থমকি ৰোৱা নাই। বৰ্তমান সময়ত "সৃষ্টিটো" দিনলিপিৰ এক নিৰ্ধাৰিত সূচীৰ দৰে।
জড়িত সামাজিক অনুষ্ঠান - প্ৰতিষ্ঠান
আলিফ ইউনিয়ন ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা
সামাজিক মাধ্যমৰ বহুতো অনুষ্ঠানৰ (ভাৰ্চুৱেল) লগত জড়িত।
বৰ্তমানলৈ প্ৰকাশিত গ্ৰন্থ
(১) হেঁপাহৰ ৰং( কবিতা সংকলন) ২০২১ চনৰ অক্টোবৰ মাহত
(২) অনুভৱৰ দলিছা (অণুগল্প সংকলন) ২০২১চনৰ অক্টোবৰ মাহত
(৩) তৃষ্ণাতুৰ পৰাণ(কবিতা সংকলন)২০২২ চন এপ্ৰিল মাহত
(৪) পৰিচয় (উপন্যাস)২০২২চন মে মাহত
(৫) নিশা ফুলি (চুটি গল্প সংকলন)২০২২চনৰ মে মাহত
(৬) সভ্যতাৰ জখলাৰে ( কবিতা সংকলন)২০২৩চনৰ মে মাহত
(৭) মৌমনহঁতৰ হৃদয়ত এমুঠি নীলা সিঁচিবলৈ (শিশু উপযোগী গল্প সংকলন)২০২৩চনৰ মে মাহত
(৮) জীৱন উপত্যকাত (অনলাইন কবিতা সংকলন ত্ৰাত্ৰি এপত)২০২৩চনৰ জুন মাহত
তাৰোপৰি অসমৰ জনপ্ৰিয় মাহেকীয়া, তিনিমহীয়া আলোচনী ৰ'দ, অনুপমা,ৰ'দালি, বাৰ্তা পখিলী, ৰহস্য, অবাক, পটভূমি, অবিৰাম, আদিত লেখিকাৰ লেখা(চুটিগল্প,অণুগল্প, কবিতা, প্ৰৱন্ধ আদি) প্ৰকাশ হৈছে।
লগতে ই-আলোচনী, আশা, জাপি, ৰামধেনু, শব্দ সাঁকো, কাব্যকানন,দকপুন, আশা, সংস্কৃতি,চিত্ৰ-কল্প, নৱজাগৰণ,আদিতো তেখেতৰ বিভিন্ন লেখা প্ৰকাশ হৈছে।
সামান্তৰালভাৱে অসমৰ জনপ্ৰিয় দৈনিক, সাপ্তাহিক, পষেকীয়া কাকত নিয়মীয়া বাৰ্তা, অগ্ৰদূত, আমাৰ অসম, দৈনন্দিন বাৰ্তা, ৰঙিলী বাৰ্তা, নতুন স্বদেশ, জণকল্যান, গণঅধিকাৰ, গণস্তম্ভ, দুৰ্নীতিৰ দৰ্পণ, গণবাৰ্তা, জাৰ্নেলিষ্ট বাৰ্তা,ৰনাংগণ, আধুনিক অসম, অসম ভূমি, সাপ্তাহিক মৰিগাঁও ইত্যাদিত নিয়মীয়াকৈ তেখেতৰ লেখা প্ৰকাশ হৈ আছে।
নতুন গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা
পৰিকল্পনা আছে, প্ৰায় ৪/৫ খন গ্ৰন্থৰ বাবে লেখা মজুত আছে, কিন্তু আৰ্থিক দিশৰ কাৰণে ৰৈ গৈছে।
লাভ কৰা সন্মান/ বঁটা:
বঁটা -বাহন উপাধিৰ কাৰণে বহুত বাৰ প্ৰস্তাৱ বহু গোট অনুষ্ঠানৰ পৰা আহিছে যদিও লোৱা হোৱা নাই। কিন্তু বিভিন্ন গোটে অনুষ্ঠিত কৰা প্ৰতিযোগীতা সমূহত (কবিতা,অণুগল্প, চুটি গল্প) অংশ গ্ৰহণ কৰি বিজয়ী হৈ লাভ কৰা পুৰষ্কাৰ বহুতো আছে(মানপত্ৰ, মমেন্ট, গামোচা)
চলিত বছৰৰ মাৰ্চ/এপ্ৰিল মাহত কবি/লেখিকা হিচাপে স্বীকৃতি দি সাহিত্য সাধনা মঞ্চৰ ফালৰ পৰা লখিমপুৰ শাখাই ৰাজহুৱা সম্বন্ধনা জনাই ।

No comments