স্বাধীনতা

 স্বাধীনতা

সৌ সিদিনা তুলি দিছিলা জননীৰ দুহাতত

স্বাধীনতাৰ পতাকাখনি 

তুমিয়েই শ্ৰদ্ধাৰ শ্বহীদ ভাৰতী আইৰ ,

হে মোৰ শ্ৰদ্ধাৰ বীৰ শ্বহীদ

দেশৰ বাবে বুকুৰ শোনিত বোৱাই

ন সুৰুযৰ জেউতিৰে বাট বুলি

আত্মত্যাগৰ চানেকি ৰাখি

উদ্ধাৰি আনিলা তুমি জননীৰ স্বাধীনতা খিনি ।

ভাৰতী আইৰ অন্তহীন আশাৰ পথাৰত 

গণতন্ত্ৰৰ বীজ গজাবলৈ যোদ্ধাৰ বেশেৰে

কাইটীয়া বাটেৰে গৈ অস্ত্ৰেৰ যাদুৰে

উদ্ধাৰিলা ভাৰতী আইৰ স্বাধীনতা খিনি ।

ভাবিছিলা মনে পৰাধীনতাৰ শিকলি চিঙি 

সপোন পুৰী হ'ব আমাৰ ৰাষ্ট্ৰখনি ।

পিছে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰমি পালেহি আজিৰ অৱস্থাখিনি

য'ত আছে এজাক নিথৰ মানুহ

জোনগলা চেঁচা হুমুনিয়াত ডুবি।

আজি দেখিছো চৌদিশে

শ্বহীদৰ আদৰ্শৰ মিছিলবোৰ

ম্লান পৰি উটি গ'ল সময়ৰ নদীত।

কিয়নো বাৰু লাগিছে স্বাধীনতা

নাথাকে যদি তাত হৃদয়ৰ মমতা

হাঁহি আৰু সুখৰ সম্ভাৰো শীতলতেজৰ সোঁতত

সময়ৰ কোবাল গতিত যেন সৰাপাত হ'ল ।



নিজৰা বৰ্মন ডেকা


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.