জীৱন হেনো কচুপাতৰ পানী

 জীৱন হেনো কচুপাতৰ পানী

জীৱন হেনো কচুপাতৰ পানী,

কথা‌খিনি কিন্তু ভাবি নাচাওঁ বাৰেপতি ;

এনে লাগে যেন কেতিয়াও নগচকিম

মৃত্যুৰ দুৱাৰ‌দলি !


অতিক্ৰমি গৈছোঁ―

প্ৰতিটো কেঁকুৰি জীৱন বাটৰ,

উজুটিত ছিগিলেও ছিগক ভৰিৰ ছাল,

গৈয়েই থাকিব লাগিব

ধীৰ খোজেৰে হ'লেও ;

ৰৈ যোৱা মানেই দেখো

হেৰাই যোৱা মহাকালৰ অতল গভীৰ‌ত…


অমল সেউজীয়া বিচাৰি সাৱটি‌ছোঁ

ঘন-অৰণ্যৰ ঘোপমৰা এন্ধাৰ,

নাই আক্ষেপ অকণো ;

জানো, সদায়ে দেখিবলৈ পোৱা নাযায়

তেজোময় পুৱা‌বোৰ

কিম্বা ৰ'দঘাই দিনৰ

সোণ-হালধীয়া জিলিঙনি ।

জীৱন হেনো কচুপাতৰ পানী…


মহৎ চন্দ্ৰ ৰায় 


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.