জীৱন হেনো কচুপাতৰ পানী
জীৱন হেনো কচুপাতৰ পানী
জীৱন হেনো কচুপাতৰ পানী,
কথাখিনি কিন্তু ভাবি নাচাওঁ বাৰেপতি ;
এনে লাগে যেন কেতিয়াও নগচকিম
মৃত্যুৰ দুৱাৰদলি !
অতিক্ৰমি গৈছোঁ―
প্ৰতিটো কেঁকুৰি জীৱন বাটৰ,
উজুটিত ছিগিলেও ছিগক ভৰিৰ ছাল,
গৈয়েই থাকিব লাগিব
ধীৰ খোজেৰে হ'লেও ;
ৰৈ যোৱা মানেই দেখো
হেৰাই যোৱা মহাকালৰ অতল গভীৰত…
অমল সেউজীয়া বিচাৰি সাৱটিছোঁ
ঘন-অৰণ্যৰ ঘোপমৰা এন্ধাৰ,
নাই আক্ষেপ অকণো ;
জানো, সদায়ে দেখিবলৈ পোৱা নাযায়
তেজোময় পুৱাবোৰ
কিম্বা ৰ'দঘাই দিনৰ
সোণ-হালধীয়া জিলিঙনি ।
জীৱন হেনো কচুপাতৰ পানী…
মহৎ চন্দ্ৰ ৰায়

No comments