বৰষুণ তুমি আকৌ আহিবা
বৰষুণ তুমি আকৌ আহিবা
বৰষুণ তুমি আকৌ আহিবামেঘ হৈ বাৰিষাক লগত লৈ আনিবা।
খুদার্ত ভূমিক পানীৰে উপচাই,
আকৌ জীপাল কৰি তুলিবা।
কৃষকৰ ক্ৰন্দন বন্ধ কৰিবলৈ,
দক্ষিণৰ মেঘ হৈ আকৌ আহিবা।
হুৰ-হুৰ, গুৰ-গুৰ গর্জনেৰে,
কৃষকক আনন্দিত কৰি তুলিবা।
গছ-লতিকাক মতলীয়া কৰিবলৈ,
বৰষুণ তুমি আকৌ আহিবা।
আঘোণিকনাইৰ বুকুত,
প্ৰেমৰ পচোৱা হৈ ভাহিবা।
ভেকুলীৰ টোৰ টোৰ সুৰে,
হৃদয় গদ্-গদ্ হৈ উঠে।
বৰষুণ তোমাৰ আগমনে,
কাঞ্চন কাণনত শতৰঙীন ফুল ফুটে।
মৌ-প্ৰেয়সীৰ গুণ-গুণে
হালোৱাৰ অন্তৰত প্রেম চতিয়াই।
বৰষুণ তোমাৰ আগমনে,
ঘাঁহ-বনৰ অংকুৰণ উভতাই।
বৰষুণ তুমি আকৌ আহিবা,
দক্ষিণৰ মেঘ লগত লৈ আনিবা।
মৰহী যোৱা ধৰণী আকৌ,
সেউজীয়া কৰি তুলিবা।
শান্তা দাস,
লংকা, হোজাই, অসম।

No comments