খহি পৰা এখনি ঘৰ

 খহি পৰা এখনি ঘৰ

 হৃদয়ৰ একোণত সজা

 সৰু ঘৰখনি আজি

 ঘূণে ধৰিছে,

 টুকুৰা টুকুৰ কৈ বাহৰ

 খুটাত বন্ধা ৰছীডাল

 খুলি পৰিছে।


  চালিখনো ফুটিব ধৰিছে

  লাহে লাহে কৈ

  বৰষুণৰ টোপাল পৰি,

  বতাহৰ প্ৰভাৱত যেন

  মুধচ উৰুৱাই নিব

  খন্তেকতে ধৰি।

 

  মোৰ মুধচ ফুটা ঘৰটো দেখি

  অৰুণেও দুখত দোষী হৈ

  চকুৰ পানী নিগৰায়,

  তাৰ উত্তাপে মোক সাৱটে

  এটি ৰশ্মিৰ প্ৰকোপেৰে

  যিয়ে মোৰ হৃদয়ক চুই যায়।


  চকুৰ পতাত যেন আজি

  সেই দৃশ্য আহি

  আমনি কৰেহি,

  অশ্ৰু নিগৰাবলৈয়ো

  যেন চকুযুৰে মোৰ

  দহ বাৰ ভাৱেহি।

 

  হিয়া উজাৰি কান্দো

  কোনেও নেদেখা কৰি

  মোৰ সৰু ঘৰটি দেখি,

  সৰু ঘৰৰ সৰু সপোনটিয়ে

  পথ বিচাৰি বিচাৰি

  নিজক নিয়ে খেদি।


  মনৰ ভিতৰতে সজা

  সৰু ঘৰখনি আজি

  ঘূণে ধৰিলে.....…...


    

       সংগীতা ৰয়,  ঢকুৱাখনা (লখিমপুৰ)।


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.