স্বাধীনতা তুমি কেতিয়া আহিবা?

স্বাধীনতা তুমি কেতিয়া আহিবা?

স্বাধীনতা তুমি কেতিয়া আহিবা?

কেতিয়া আহিবা ভাৰতৰ ঘৰে ঘৰে?

বাৰে বাৰে তোমাক বৰিবলে'

আমি কৰিছোঁ পূজাৰ মহা আয়োজন।

 বিষাদভৰা মন লৈ তুমি আহি উভতি যোৱাহি অহাৰ পথেৰে  ; 

অশ্ৰু-সজল আঁখিযুৰি লৈ!


কাৰণ, এমুঠি অন্ন, এখন বস্ত্ৰ আৰু এটি আশ্ৰয়ৰ বাবে

কৃষক- শ্ৰমিকৰ ঘৰত নিৰন্তৰ হাহাকাৰ!

সিহঁতৰ ভগা বেৰত ওলমি আছে

দাৰিদ্ৰৰ এক কৰুণ ছবি !

আৰু যি দ্বি-জাতি তত্ত্বই দেশক দুছেও কৰিছিল,

পুনৰাই ভাৰত মাতৃক সমাধিস্থ কৰিবলে '

কুট-ৰাজনীতিৰ ক'লা হাতোৰাত তাৰেই আখৰা চলিছে।


স্বাধীনতা তুমি কেতিয়া আহিবা?

কেতিয়া আহিবা ভাৰতৰ ঘৰে ঘৰে?

আৰু কিমান শুনিম,

কিমান শুনিম সিহঁতৰ উন্নয়নৰ ফটা ঢোল ??


এবেলিও তোমাক বৰিবলে'

আমি কৰিছোঁ পূজাৰ মহা আয়োজন।

আজি সাজি কাছি ওলাই আহিছে দেশৰ জনতা,

আয়ে দিয়া গামোচা তেজত জুবুৰিয়াই লৈ

কুৰুক্ষেত্ৰ ৰণক্ষেত্ৰলৈ আগুৱাই গৈছে নৱ-জোৱান,

কৃষকৰ হাতে হাতে ধৰাল কাঁচি  উঠিছে জ্বলি,

শ্ৰমিকৰ হাতুৰীৰ কোৱত ভাঙিব সিহঁতৰ বুকুৰ কামিহাড় !


সৌৱা চোৱা!

নল মৰি গজালি মেলি আমাৰ কাষত থিয় হৈছে

খুদিৰাম, সুভাষ বসু, ভগৎ সিং ,  মনিৰাম দেৱান                       

কুশল কোঁৱৰ, কনকলতা আদি শ্বহীদৰ দল ----

পূব আকাশত উদ্ভাসিত হৈছে ৰক্ত ৰঙা সূৰুয!


এতিয়া আমি আৰু কাকো নকৰোঁ নকৰোঁ ভয়

আমি তোমাক বৰিবলে'

শত সহস্ৰ তেজৰ নৈ বৈ দিম।

তোমাক জিনিবলৈ আমি কৰিছোঁ মৃত্যুপণ !

হাঁহি হাঁহি ফাঁচিৰ মঞ্চত গাই যাম তোমাৰেই জয়গান !

নিৰ্বিচাৰে বুকু পাতি লম নিষ্ঠুৰ শোষকৰ গুলিৰ আঘাত !


তথাপি সকলো দীনতা,হীনতা , মলিনতা এৰি

হে স্বাধীনতা , তুমি আহা আমাৰ চোতালে চোতালে 

তোমাৰ কোমল চৰণ তলত বহি গাই যাম সমস্বৰে -

বন্দেমাতৰম,বন্দেমাতৰম! জয় হিন্দ, জয় হিন্দ !!



নাছিৰ আহমেদ, গোৱালপাৰা।

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.