তিলোত্তমা
তিলোত্তমা
ৰূপ কথাৰ নায়িকা নহয়,
সৃষ্টিৰ কণ কণ সৌন্দৰ্য বুটলি
নেদেখা জনৰ সৃষ্টি তুমি " তিলোত্তমা "
আৰধনাৰ জীৱন্ত প্ৰতীক,
সৃষ্টি প্ৰানৱন্ত ৰূপ ।
জাগতিক জীৱন ছন্দত
প্ৰাণময় চঞ্চল তোমাৰ মন ।
চন্দ্ৰ মুখী হৰিণী নয়ণ তুমি ,
কিচকিচিয়া কলা কেশৰ বৰণ,
উজ্জ্বল ভাবৰ দৃঢ়তা প্ৰকাশ ।
মহিয়সী নাৰী,
গজ গামিনী তুমি
বেশভুষাৰে লক্ষ্মীৰ লক্ষণ তোমাৰ গাত।
কোমল অনুভৱী স্বভাৱ তোমাৰ।
বাক পটু ,
সীমাহীন প্ৰখৰতাৰে ভৰপুৰ মন ,
তীক্ষ্ণ বুদ্ধিমতী তুমি তিলোত্তমা।
প্ৰেৰণাৰ পবিত্ৰ ভড়াল,
তোমাৰ কণ্ঠত বাস কৰে সৰস্বতী ।
বেদনাত অনুৰক্ত তুমি,
কপাহ কোমল হৃদয়,
সুক্ষ্ম কথাতে আঘাত পোৱা,
সযতনে পালিত এটি স্বচ্ছ মন।
শান্ত প্ৰকৃতিৰ স্বভাৱ সুলভ,
জীৱনৰ ইতিহাস
গোপন কাহিনী জীৱনৰ ,
মনত সাঁচি ৰাখিব পৰা মন্ত্ৰ আছে তোমাৰ।
কুকিল কণ্ঠ তোমাৰ,
সংঙ্গীতৰ গুণ গুন শব্দৰ ভড়াল।
বাস্তৱ সত্য অনুভৱ কৰিব পাৰা,
অকপটে স্বীকাৰ কৰা স্পষ্ট ৰূপত।
তথাপিও ভাটৌৰ দৰে সৰু কপটতা ,
পুহি ৰাখা হৃদয়ৰ মাজত ।
সঘনাই গপত ওফন্দি গঙ্গাটোপ হোৱা,
অভিমানী স্বভাৱ বৰ কোমল ,
অহংকাৰ নিমিষতে এৰি দিয়া মনৰ পৰা ।
মাজে মাজে বাঘৰ দৰে নিৰ্দ্দয় প্ৰৱণতা
ফুটি উঠে তোমাৰ স্বভাৱত,
কিন্তু শহা পহুৰ দৰে ভয়াৰ্ত কলিজা তোমাৰ।
প্ৰণয় অতি লেহুকা ,
লতাৰ দৰে সাৱতি আশ্ৰয় বিচাৰি লোৱা ।
লিচপিচিয়া দীৰ্ঘ শৰীৰ ,
নল খাগৰিৰ দৰে লিহিকা ,
পৰুৱাৰ দৰে চিয়া ককাল।
শুকুলা মেঘৰ দৰে গোমা কৰা মন,
সুকোমল হৃদয় তোমাৰ
ক্ষণিকতে শেষ হয় মনৰ অভিমান।
জগতৰ কণ কণ সুন্দৰতাৰে
গঢ় লোৱা মোহময়ী তুমি,
মৰম লিপিত খায় আছে বুকুৰ মাজত।
মাতৃত্বৰ গৌৰৱত গৌৰৱান্বিত তুমি,
সৃজন সৃষ্টিশীলতাৰে মহীয়ান,
তুমি জগত প্ৰকৃতি "তিলোত্তমা ।"
অনন্ত কুমাৰ ভূঞা

No comments