আধৰুৱা সপোন
আধৰুৱা সপোন
আজি মই মনৰ কাঠগাৰত
নিজকে প্ৰশ্ন কৰিছোঁ
বাৰে,,বাৰে
মোৰ দুখ কি?
তোমাক এৰি অহা
বহুত দিনে হ'ল
পাৰ হ'ল মাহ আৰু বছৰ
কিয় জানো হঠৎাতে
এদিন তোমাক লগ পাই গলোঁ
লগ পাই আবেগেৰে
কথা পাতিলোঁ
বহুত কষ্টৰে মনটোক বুজালোঁ
বাধা দিছিলোঁ নিজৰ
আবেগ খিনিক
মই কেৱল বিবেকৰ বিপক্ষে হে খোজ দিছোঁ
নেজানো ইয়াৰ সামৰণি ক'ত ?
তথাপি মনটোৱে বাৰে বাৰে
তোমাৰ কাষলৈ যাবলৈ বিচাৰে,,
তোমাৰ সৈতে বহু কথাই
থাকি গ'ল পাতিবলৈ
এতিয়াওঁ সপোনবোৰ সপোন
হৈয়েই থাকি ৰ'ল মোৰ বুকুৰ মাজত,,,,,,
অজন্তা দও বৰা,,,,,নগাওঁ

No comments