এখন আসন

 .   এখন আসন


নালাগে মোক কোনো ৰাজ আসন। 

অহংকাৰে বিৰাজ কৰে য'ত প্ৰতি ক্ষণ

সহজভাৱে কৰিম মই জীৱন যাপন। 

মৰমেৰে ধৰি ৰাখিম মোৰ নিজা ঘৰখন। 


দেখিও নেদেখা ভাও ধৰা আজি জনসাধাৰণ।

নেতা মন্ত্ৰী কথাবোৰতো নাই কোনো মূল্যায়ন। 

মিছাবোৰকো সঁচা বুলি জনায় সম্ভাষণ। 

তেনেকৈ চলি আছে আজিৰ এই সমাজখন। 

গভীৰ নিদ্ৰাত শুই আছে আমাৰ দেশৰ মহাজন। 


আছে মাথোঁ নামত অনুশাসন ।

চৰকাৰৰ নিয়ম নীতি নাজানোঁ আজি কিমান প্ৰয়োজন। 

সকলো ফালে দেখোন চলিব ধৰিছে শোষণ। 

নিয়ম নীতিৰ বাহিৰত চলি আছে নিস্কাষণ। 

মনে মনে থকাজনেও ধৰিব জনা হৈছে আজি ভেশছন। 


নালাগে মোক একনায়কত্বৰ ৰাজ শাসন।

পিন্ধিব নোখোজোঁ কোনো ৰঙীণ বসন। 

নিজা বুলিবলৈ সাজিম সপোনৰ ঘৰখন। 

জীয়াই থাকিবলৈ বুলি নালাগে কোনো বিলাসী বাহন। 

নালাগে জনাব মোক কোনেও আদৰ সম্ভাষণ। 


নিবিচাৰোঁ কৰিব মই শাসন ৰাজকীয়তা। 

যদিহে শাসনত থাকে দাম্ভিকতা। 

য'ত নাই কোনো মানৱতা।

নাই কোনো একতা, 

ককাই-ভাই মাজত আজি বহু বিভাজনতা। 


বিচাৰ কৰোঁতাজনৰো যেতিয়া নাই কোনো সততা ।

দিব নোৱাৰে ন্যায় সমতা। 

বন্ধকত আজি মোৰ দেশৰ বাক স্বাধীনতা। 

হাহাকাৰ হৈ চিঞৰিছে আজি দেশৰ জনতা। 

নাই কোনো দয়া-মমতা। 

নকৰোঁ তেনে শাসনৰ সৈতে মই কোনো ধৰণৰ মিত্ৰতা। 

এনেকৈ চলিব মোৰ জীৱন যাত্ৰা। 


বিৰোধ কৰোঁ মই ধৰ্মান্ধতা। 

যিয়ে নেকি বীজ ৰোপণ কৰে সাম্প্ৰদায়িকতা। 

ধৰ্মৰ মাজত নিবিচাৰোঁ কৰা প্ৰতিদন্দিতা। 

গঢ়িব বিচাৰোঁ সমাজখনক কৰি ধৰ্ম নিৰপেক্ষতা। 


মানুহৰ বাবে এখন সমাজৰ আছে প্ৰয়োজনীয়তা। 

গঢ়িব বিচাৰোঁ সকলোৰে মাজত একতা। 

জাতি-ধৰ্ম বিচাৰ কৰা নাই মোৰ ক্ষমতা। 

নিজক এবাৰ শুধি চোৱাৰ আছে আজি প্ৰাসংগিকতা। 

সেয়ে স্বাৰ্থপৰ সমাজতো নিজৰ মাজত বিচাৰি পাইছো কিবা এটা। 

এয়ে মোৰ মানুহৰ বাবে থকা এক  দায়বদ্ধতা।





                        দিপাংকৰ গগৈ।

                                     ০৪।০২।২০২৩

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.