ফাগুন

 ফাগুন


 বিষাদ মনৰ বিষাদিনী আছিল  

  উৰুঙা পথাৰতে বহি, 

হেঁটুলুকা চৰাইয়ে সুৰ ধৰি মাতিলে 

ফাগুণ আকৌ আহিল   ।


 নিৰাশ মনত হ'ল  আশাৰ সঞ্চাৰ 

মিঠা আৱেশত উতলা হ'ল হিয়া ,

শিমলু, পলাশ , মদাৰৰ লঠঙা ডালত 

জিলিকি উঠিছে   ৰক্ত পুষ্পদল ।


আকাশত ফুলিছে  শুধ্ বগা ফুল 

চমক চমক ডাৱৰৰ ,

 জাক জাক কুঁৱলী 

খেলিছে হোলী 

 লঠঙা ডালত পৰি ।


পছোৱা বতাহে কঢ়িয়াই

 আনিছে ধূসৰিত  সুগন্ধি, 

গালে মুখে ছটিয়াইছে

মুঠি মুঠি ৰঙালী আবিৰ ।


সৰা পাতে ৰিঙিয়াই কৈ গ'ল 

অতীতৰ মৰহা  কাহিনী,

সেউজীয়া হোৱাৰ হাবিয়াসত 

তৰুণ কবিৰ স্পৰ্শত সৃষ্টি কৰি

 হেজাৰ  সেন্দুৰীয়া  কবিতাৰ পংক্তি  ।


মাৰ্জিনা বেগম


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.