সংগ্ৰাম জীৱনৰ আন এটি নাম

 সংগ্ৰাম জীৱনৰ আন এটি নাম

যদি সংগ্ৰামে জীৱনৰ আন এটি নাম হয়

তেনেহলে আনৰ বাবে ৰৈ থকাৰ কি প্ৰয়োজন 

আছে বাহুবল কৰা সংগ্ৰাম

নিজে গৈ আগতে চলোৱা অভিযান 

নিজ দক্ষতাৰ নিজা উপার্জন 

কৰি যোৱা সংগ্ৰাম নতুন উদ্যম।

কপালৰ ঘাম মাটিত পেলাই 

দহৰ বাবে কৰা সংগ্ৰাম 

মান নাপালেও পাবা নৱ জীৱন 

সেয়াই হব এক অন্য উপাৰ্জন।

জন্মদাতা মাতৃৰ সন্তান প্ৰসৱ

বেদনাদায়ক এক জীৱন সংগ্ৰাম 

তথাপিও শিশুৰ মায়া মোহত আবদ্ধ হয়

মাতৃয়ে শিশুক কৰাই দুগ্ধপান।

নিষ্পাপ শিশুৰ লালন-পালন 

পিতৃ মাতৃৰ বাবে নহয় জানো এক সংগ্ৰাম 

সেই সন্তানে কিয় জানো পিতৃ মাতৃক 

বৃদ্ধাৱস্থাত পঠাই বৃদ্ধাশ্রম।

অজ্ঞাতে যদিও কৰিছিলা অপমান 

ক্ষমা ভিক্ষাখোজা তোমাৰ স্বাভিমান 

এইটোও হব পাৰে জীৱন সংগ্ৰাম

আহা সকলোৱে পিতৃ মাতৃক কৰো সন্মান। 


          আমিনুৰ ইছলাম , তামুলপুৰ


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.