বন্ধুত্ব

 বন্ধুত্ব


বন্ধুত্ব মানে হৈছে আটাইতকৈ ভাল সম্পৰ্ক।

যিটো বন্ধুত্ব একমাত্ৰ মৰম আৰু গভীৰ।

বন্ধুত্ব হৈছে সকলোৰে জীৱনলৈ সুখ দুখ 

প্ৰতিটো সময়ত আমাক অতি প্ৰয়োজনীয়।

জীৱনত আমি বহুতো বন্ধু লগ পাও

কিন্তু সকলোৱে আমাৰ আটাইতকৈ ভাল

বন্ধু বা প্ৰকৃত বন্ধু নহ'বও পাৰে।

ভাল বন্ধু সেইজন যিজনে আমাৰ সুখ দুখত লগত থাকে।

আৰু আমাৰ ভাল বেয়া আঙুলিয়াই দিয়ে

প্ৰকৃত বন্ধু সেই জন যিয়ে আমাক বিপদত সাহস দিয়ে।

ভাল বন্ধু এজনে সদায় আমাক আনতকৈও ভালদৰে বুজি পায়।

প্ৰকৃত বন্ধুত্বৰ কোনো নিৰ্দিষ্ট বয়সৰ সীমা নাথাকে।

যিকোনো ধৰণৰ ব্যক্তি 

আমাৰ বন্ধু হ'ব পাৰে।

ভাল বন্ধু বাচনি কৰোঁতে সদায় সাৱধান হ'ব লাগে ।

কাৰণ প্ৰকৃত বন্ধুই আমাৰ জীৱনত সুখময় কৰা তোলাৰ বিপৰীতে বেয়া বন্ধুই আমাৰ জীৱন ধ্বংস কৰি পেলাব পাৰে।


দেইজী কাৰ্খ বৰদলৈ



No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.