অসমান

 অসমান

              ‌‌             

দহো আঙুলি অসমান ঈশ্বৰৰেই সৃষ্টি

সেই সৃষ্টিয়ে কেতিয়াবা কিয় সিঁচে চক্ষুৰ বৃষ্টি?

সেয়ে ভয় লাগে সমবেত হবলৈ,

মন নাযায় কলিজা খন ভাঙিবলৈ!


নিজৰ কৰ্মৰে জন্ম -জন্মান্তৰ জীৱন

বিধিৰ লিখন কেতিয়াও নহয় খণ্ডন,

নিয়তিৰ নীতি নিৰ্দেশনা কোনে কৰে উলংঘন?

সেয়ে বাওনা বোৰে চুই চাবলৈ নিবিচাৰে আকাশখন!


সীমাবদ্ধ সপোনবোৰতে আত্মা হয় তুষ্ট

আত্মীতাৰ বিভেদ বোৰে মনত দিয়ে বহু কষ্ট ,

অটুত বুলি ভবা মুঠিটোয়ে যেতিয়া উদঙাই নিকৃষ্টতা

কলিজা টোৱে অনুমতি নিদিয়ে হেঁপাহৰ ব্যস্ততা!


ধন-জন, অৱস্থা ব্যৱস্থা ঈশ্বৰৰ হাতত

কিন্তু আত্মসন্মান সদায়ে নিজৰ হাতত,

ক্ষণস্থায়ী জীৱন মাথোঁ দুদিনৰ বেহা

কলিজাত ঘাঁ লগাই  পেলাবলৈ মন নাযায় দেহা।


সেয়ে দূৰত্বৰ ব্যৱধানত ৰখাটোৱেই শ্ৰেয়

আন্তৰিকতাই যিমানে বাধা নিদিয়ক কিয়?

কোন কাৰ মৰমৰ কোন কাৰ চেনেহৰ

চকুৰ চিনাকিহে মাথোঁ দুদিনৰ!



 দিপ্তী মনি গোস্বামী, লখিমপুৰ (লালুক)


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.