ভালপোৱাৰ আকাশখন
ভালপোৱাৰ আকাশখন
শিলিখাজোপাৰ তলত
বালিঘৰ সজা দিনতেই কৈছিলোঁ,
ভালপাওঁ বুলি...
তুমি জানো শুনা নাছিলা?..
স্মৃতিৰ বতাহজাক আজি আকৌ বলিছে
নাৰিকলৰ খোলাত ৰ'দৰ ৰঙে
মুকলালে শব্দৰ জোলোঙাটো।
চক্ৰবৃদ্ধি সুতত বাঢ়ি গৈ আছে,
তাহানিৰ ভালপোৱাৰ পৰিমাণ
ৰূপ লৈছে বিশাল আকাশ খনৰ..
তুমি চাগে এতিয়াও
অনুভৱ কৰিব পৰা নাই..!!
তাহানিৰ ল'ৰালিৰ কেঁকুৰিটো পাৰ হৈ
তুমি হয়তো বহুদূৰ পালাগৈ,
কিন্তু, মই.. মই হলে পাহৰা নাই
সাৱটি ৰাখিছোঁ আজিও
তোমাৰ নামৰ সেই ভালপোৱাখিনি।
এতিয়াও তাত সাৰ পাই আছে
তোমাৰ পৰশৰ মিঠা মাদকতা।
মনৰ এচুকত ডেউকা কোবাইছে
নুবুজা প্ৰেমৰ মাতাল ডাৱৰে,
বৰষুণ হৈ লভিব বিচাৰে
তোমাৰ হাতৰ সুকোমল ঘ্ৰাণ
আন্ধাৰে মেৰিওৱা হৃদয়ৰ সিপাৰে
বিষাদ সনা আবেলি বোৰত
নিসংগতাই আজিও বাঁহী বজাই
কবিত্বময়ী সুৰে ঢৌ তুলে
ভাগৰুৱা ওঠৰ নীৰৱ ভাষাত।
আন্ধাৰৰ ক'লা চিঞৰত
নিঃশব্দে মাতি উঠে
তোমাৰ স্মৃতি সনা ভাগৰুৱা চকুযুৰি
নুফুটা শব্দবোৰে উচুপি উঠে
ভালপোৱাৰ সৌ আকাশখনত।।
পল্লৱ ৰয়, গহপুৰ

No comments