যৌৱন জুখিব খোজা লৰাটো

 যৌৱন জুখিব খোজা লৰাটো


সিদিনা আবেলিটোৰ সতে আহিছিল সি

জীৱন মদিৰা পান কৰি

নিচমক্ত হৈ পৰিছিল যৌৱনৰ পূর্ণতা

বৰ আচৰিত ধৰণেৰে সি মোক কৈছিল

কেতিয়াবা জুখি চাবলৈ মন যায় অ' 

এই প্রেম আৰু ভালপোৱা বোৰ

সি কৈ গৈছিল - -----

কিমান বেছি গভীৰ হলে ভালপোৱাই সাজিব

পাৰে সপোনৰ কাৰেং -----

কিমান বেছি গভীৰ হলে ভালপোৱাৰ 

আকাশত জিলিকে আশাৰ ৰামধেনু

কিমান বেছি গভীৰ হলে কঠিন হৃদয়ৰ 

আবেগবোৰ গলি গলি বৈ যাব পাৰে

হেপাঁহৰ নৈ ----

কিমান বেছি ডাৱৰ থাকিলে নামি আহিব 

পাৰে এজাক প্ৰেমৰ বৰষুণ

অবাধ্য বতাহ ছাটিয়ে তাৰ ভাৱনাত

অধিক আউল লগাইছিল

সি আকৌ সুধিছিল - --

ভালপোৱাই কেনেকৈ কঢিয়াই আনে

হেমন্ত 'শৰৎ শীত আৰু ---

আৰু ---- বসন্তক ?

কিমান বেছি গভীৰ হলে 

অনুভৱে ঢৌ তোলে ভাল পোৱাৰ সাগৰত

অথবা ---

কিমান দুখৰ তপত মৰুভূমিতো মানুহ 
খেদিব খোজে
প্রত্যাশিত আবেগৰ মৰীচিকা
এবুকু আশা বুবুত বান্ধি
এপিয়লা মদিৰা হাতত লৈ সি পুনৰ 
কৈ উঠিছিল - ---
কেতিযাপ জুখি চাবলৈ মন যায় আ
এই 
প্রেম আৰু ভালপোৱা বোৰ ৷

2 comments:

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.