আজি তোমাৰ জন্মদিন

 আজি তোমাৰ জন্মদিন


মোৰ জীৱনৰ অতি প্ৰিয় বন্ধু

স্বাধীন তোমাৰ আজি জন্মদিন,

সুখ-দুখ নেওচি পাৰ কৰা জীৱনৰ

বিশেষতকৈও বিশেষ এটা দিন।


২০০১ চনৰ ১৫ আগষ্ট

ভাৰত স্বাধীনৰ জন্মদিনত,

আহিছিলা এইখন ধৰালৈ

মাতৃৰ কষ্ট যন্ত্ৰণাৰ ফলত।


পৃথিৱীত সান্নিধ্য লাভ বিশেষ দিনত বুলি

নাম ৰাখিল অতি স্বযতনে স্বাধীন,

তোমাৰ হৃদয়খনৰ পৰশ পালে

কোনেও কেতিয়াও নহ'ব পৰাধীন।


কলেজীয়া জীৱন মোৰ

মাতৃহীনতাই বৰ অসহায়,

তুমি বহু আশ্বাসেৰে বুজাইছিলা

মৰণলৈকে মোৰ বাবে কৰিবা সহায়।


বন্ধুত্বৰে পৰিচয় আমাৰ

আছে খঙ,অভিমান,অৱহেলা;

প্ৰতিপল মোৰ বেয়াবোৰ আঁতৰাই

ভালবোৰ আঙুলিয়াই দিছিলা।


তোমাৰ মোৰ সম্পৰ্ক অমৰ

থাকিব অহংকাৰেৰে চিৰযুগৰ,

কিনো লিখিম তোমাকলৈ

তুমি যে মোৰ শান্তিৰ নগৰ।


তোমাক লৈ ভাল বেয়া গুণৰ মহিমা

লিখিলেও শেষ নহ'ব উপন্যাসৰ পৃষ্ঠা,

জীৱনৰ অন্তিমলৈকে বন্ধুত্বৰ হাত জীয়াই ৰাখিবলৈ

মই কৰিম অপ্ৰাণ চেষ্টা।


বয়সৰ ঘৰত আৰু এক ভৰি

আগলৈ আগুৱাই গ'লা,

আশাৰে গঢ়ি উঠা বাটত

নতুনকৈ এখন জীৱন ৰচিলা।


ভালে থাকিবা চিৰজীৱন

মিচিকিয়া হাঁহি ভৰা মুখখনলৈ,

দুখৰ কথা অবহেলা কৰি

সৰ্বদা লক্ষ্য ৰাখিবা আগলৈ।


জীৱন বাটত তোমাক মই

বহু অপমান অবহেলা কৰিলোঁ,

পাৰিলে ক্ষমা কৰিবা বন্ধুত্বৰ হাতখনক

তোমাৰ কাষত ভিক্ষা মাগিলোঁ।


নামত নহয় তুমি স্বাধীন

হৃদয়খনও তোমাৰ স্বাধীনতাৰে ভৰা,

কেতিয়াও মোৰ জীৱনৰ পৰা এৰি

দূৰৰ আকাশৰ নহবা তৰা।


আজিৰ এই বিশেষ দিন

ওপজি পড়ুক আনন্দ উল্লাসেৰে,

মাক-দেউতা,বা-ভনী সকলোকে লৈ

জীৱন ভৰি উঠুক সুখেৰে।


জীৱন যুঁজত এদিন ঠিক

ডাঙৰ মনৰ মানুহ হবা,

সেইদিনা চাগে স্বাৰ্থপৰ বান্ধৱীজনীক

সুখৰ পৰশে পাহৰি যাবা।


আজি বিশেষ দিনত তোমাক

কিনো দিম উপহাৰ,

হৃদয়ৰ ভালপোৱাৰে তোমাক লৈ কবিতা লিখিলোঁ

ব্যস্ততাৰ মাজত পাৰিলে পঢ়িবা এবাৰ।


স্বাধীন তুমি বৰ প্ৰিয় বন্ধু

মোৰ জীৱনৰ অতি বিশেষ,

তোমাৰ সৎ ব্যৱহাৰৰ লগতে

কেতিয়াও হাঁহি মুখখন নহয় যেন শেষ।


                              শিল্পী দাস 

 ভালুকমাৰী ৰাণীপুখুৰী (হোজাই)

           


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.