সাম্প্ৰতিক সময়ত আমাৰ জীৱনত ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ

 সাম্প্ৰতিক সময়ত আমাৰ জীৱনত ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ 

সাম্প্ৰতিক সময়ত আমাৰ জীৱনত ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ অতিকৈ পৰা দেখা গৈছে ।কাৰণ বৰ্তমান সময়ত সকলো ছাত্ৰ ছাত্ৰীৰ জীৱনত আটাইতকৈ বেছি প্ৰভাৱ পেলোৱা বস্তু সমূহৰ ভিতৰত ছ'চিয়েল মিডিয়া অন্যতম ।

বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া আৰু ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে নৱ প্ৰজন্মক গ্ৰাহ কৰিছে। কাৰণ কিশোৰ বিলাকে খেলা ধূলা নকৰি মোবাইলত ইউটিউব ভিডিঅ', মোবাইল আদিহে বেছি গুৰুত্ব দিয়া দেখা গৈছে। সেইবাবে হয়তো বৰ্তমান নৱ প্ৰজন্মৰ শিক্ষা আৰু ভবিষ্যত অতি দুৰ্গতি।

ছ'চিয়েল মিডিয়া বুলি ক'লে ইন্টাৰনেট হুৱাইচআপ, ফেচবুক,ইনষ্টাগ্ৰাম ,টেলিগ্ৰাম, টুইটাৰ‌ আদি মাধ্যম বোৰৰ কথা ক'ব পাৰি।এই কেইবিধ এনে এবিধ যোগাযোগ মাধ্যম,যাক কম্পিউটাৰ ম'বাইলৰ লগত সংযোগ কৰি এজনে আনজনৰ লগত সংযোগ স্থাপন কৰিব পাৰে। পৃথিৱীৰ প্ৰায় প্ৰতিজন মানুহেই বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি অহা দেখা গৈছে। এই মাধ্যম বিধৰ ব্যৱহাৰৰ ফলত পৃথিৱীখন এখন ঘৰ আৰু প্ৰতি খন ৰাষ্ট্ৰই ঘৰখনৰ সদস্যৰ পৰিণত হৈছে। ছ'চিয়েল মিডিয়া এক গন মাধ্যম,যাৰ জৰিয়তে ইমেইল কৰি বিশ্বৰ যিকোনো ঠাইৰ তথ্য প্ৰেৰণ কৰিব পাৰি। সাধাৰণ শিক্ষা, ভাষা,ছফটৱেৰ, কম্পিউটাৰ ব্যৱসায়, বন্ধুত্ব আদি সময়ত গণমাধ্যম ৰূপে ছ'চিয়েল মিডিয়াৰ দ্বাৰা সংগ্ৰহ বা স্থাপন কৰিব পাৰি।

ছ'চিয়েল মিডিয়া বৰ্তমান জনপ্ৰিয় হৈ পৰিছে। কিয়নো অতি কম সময়‌ আৰু কম খৰছত বিশাল তথ্য প্ৰেৰণ কৰিব পাৰি। বহুতো ছাত্ৰ ছাত্ৰীয়ে প্ৰাপ্তবয়স্কৰ বাবে থকা ইন্টাৰনেটৰ বিভিন্ন ৱেবছাইটৰ ব্যৱহাৰ কৰি ক্ষতি গ্ৰ্স্থ নোহোৱাকৈ থকা নাই। বহুতে আকৌ অপ্ৰয়োজনীয় ইমেইল মেচেজ ভিডিঅ আদি প্ৰেৰণ কৰি সময় নষ্ট কৰে। বিভিন্ন তথ্য পাতি ভাইৰেল কৰাৰ বাবে কেতিয়াবা কোনো কোনোৱে মৃত্যুক আকোঁৱালি লোৱাও দেখা যায়।


বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো লোকৰ দৰে আমাৰ ভাৰতবৰ্ষতো ছ'চিয়েল মিডিয়া এক সহজলভ্য আৰু সুলভ মাধ্যম হৈ পৰিছে। উল্লেখযোগ্য যে ছ'চিয়েল মিডিয়াই বিশ্বৰ দূৰ দূৰণিৰ সৰু বৰ সকলো প্ৰাপ্ত বয়স্কৰ সংযোগ ঘটায়। ছ'চিয়েল মিডিয়া কোনো প্ৰতিযোগিতা নহয়। যʼত আমি নিজৰ শ্ৰেষ্ঠত্ত্ব প্ৰতিপন্ন কৰিবলৈ ইচ্ছানুসৰি যিকোনো প্ৰকাশিত যিকোনো ধৰণৰ কথাই সমাজত প্ৰভাৱ পেলায়। গতিকে আমি সকলোৰে যদি ছ'চিয়েল মিডিয়াত সমাজৰ ধ্বংসৰ কাৰণৰ পৰিৱৰ্তে এখন সুস্থ সবল সমাজ‌ গঢ়াৰ ব্যৱস্থাৰ কৰো তেন্তে নিশ্চয় সকলোৰে উন্নতি হ'ব। ছ'চিয়েল মিডিয়াই গণতান্ত্ৰিক সমাজ ব্যৱহাৰক অধিক শক্তিশালী আৰু অৰ্থপূৰ্ণ কৰি তোলাৰ বিপুল সাম্ভৱনা আছে।।।


দেইজী কাৰ্খ বৰদলৈ


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.