ড্ৰাগছ

 ড্ৰাগছ

ড্ৰাগছৰ বিষয়ে ক'বলৈ গ'লে প্ৰথমে ব্যাক্তিগত ভাৱে ক্ষতি কৰাৰ লগতে সমাজ ৰাজনীতি অৰ্থনীতি আদি প্ৰভাৱ পেলায়। দ্বিতীয়তে যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰা এই ড্ৰাগছে আসক্তিয়ে বহুতৰে জীৱন ধ্বংসৰ দিশলৈ আগবাঢ়ি নিছে। কিন্তু এই ক্ষেত্ৰত পিতৃ মাতৃ সমাজৰ অগ্ৰণী লোক আদি সকলোৱে সদায় সচেষ্ট হ'ব লাগিব। বৰ্তমান সময়ত উঠি অহা ল'ৰা ছোৱালী বোৰক শুদ্ধ পথ দেখুৱাই এনেদৰে জীৱন তথা সমাজ ধ্বংসী কাৰ্যৰ পৰা নৱ প্ৰজন্মক বিৰত ৰখাৰ ক্ষেত্ৰত অভিভাৱক তথা সমাজ সচেতন ব্যক্তি সকল নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ ক্ষেত্ৰত সজাগ হোৱাটো প্ৰয়োজনীয়।

এনেবোৰৰ ক্ষেত্ৰত সন্তানে ড্ৰাগছ গ্ৰহণ কৰাৰ মূলতেই হৈছে অভিভাৱক বা পিতৃ মাতৃৰ দায়িত্বহীনতা। নিজৰ সন্তানক আপুনি সময় দিয়ক।কৰ্ম ব্যস্ততাৰ মাজতে যেন‌ নিজৰ ঘৰ খনৰ সময়বোৰ পাৰ হ'বলৈ নিদিব। ব্যক্তিগত আৰু বৃত্তিগত জীৱনৰ মাজত ব্যৱধান ৰাখি সন্তান তথা পৰিয়ালৰ সৈতে সময় পাৰ কৰিবলৈ চেষ্টা কৰক।

সন্তানৰ সন্মুখত কেতিয়াও সুৰাপান নকৰিব।সঘন গৃহ কন্দল হ'বলৈ নিদিব।যাৰ ফলত সন্তান আৰু আপোনাৰ মাজত দূৰত্বৰ সৃষ্টি হয়। সুখী পৰিয়ালৰ সন্তান ড্ৰাগছ সেৱনৰ পৰা বিৰত থাকে। আপুনি আপোনাৰ সন্তানৰ প্ৰিয় বন্ধু হ'বলৈ চেষ্টা কৰক।


অৱশেষত ড্ৰাগছ বিৰোধী এই যুঁজত প্ৰশাসন আৰু ৰাইজৰ সচেতনা আৰু সহযোগিতাৰ দ্বাৰাহে আমি জয় হ'ব পাৰিম। সজাগ হঁওক, সচেতন হঁওক, সদায় নিজৰ সন্তানক ড্ৰাগছ আসক্ত হোৱাৰ পৰা বচাওঁক।।



দেইজী কাৰ্খ বৰদলৈ


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.