মাথোঁ এক অদৃশ্য দাগ

মাথোঁ এক অদৃশ্য দাগ

মাজনিশা তমসাত মোৰ বিয়াকুল মনত

উঠে এটি উত্তৰহিন প্ৰশ্ন

যাৰ উত্তৰ বিচাৰি পৰ হল হেজাৰ

উজাগৰি নিশা 

উত্তপ্ত মোৰ মনত উঠে ভাবনাৰ জোৱাৰ

কৰোঁ মই নিজক প্ৰশ্ন যে মইয়েই কিয়।

কিয় এই পৃথিৱীৰ সমস্ত দুখ বোৰ আছে মূৰেই

কিয় যাৰ লগত মই লিখোঁ হেজাৰ সপোন

আহি থান বান কৰি জাই মোৰ নিৰীহ দাপোন

কিয় সেই অমানিশাৰ আন্ধাৰ হৈ পৰে মোৰ প্ৰীয়

কিয় আজি মই মোৰ প্ৰীয়জনৰো 

 হৈ পৰিছোঁ মাথোঁ প্ৰয়োজন।

মোৰ কথা বোৰ চোন নীলা চিয়াঁহী হৈ বিয়পি

পৰিছে হেই বগা কাগজ খিলাত ।

ভাবি ভাবি নিশা তি পাৰ হল 

হেই নিশাৰ গোপনত বহু কথা লুকাই গল

হেই বিচনাৰ চাদৰ খনত বহু চকুলো শুকাই ৰল

থাকি গল মাথোঁ এক অদৃশ্য দাগ ।



ঋষি ফুকন

গুৱাহাটী কাহিলীপাৰা



No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.