এটি পলৰ ভালপোৱা

 এটি পলৰ ভালপোৱা 

মাথোঁ এটি পলৰ বাবেও কাৰোবাক নিজৰ হৈ ভাল পাই ভাল লাগে। এইযে আমি ইজনে সিজনৰ অচিনাকী হ'লেও কেতিয়াবা হঠাৎ চকুত পৰিলে এনেই হাঁহি এটি মুখত জিলিকি উঠে।ভাল লাগে সেই নীৰৱ প্ৰেমো। হয়তো ক্ষন্তেকীয়া । কিন্তু তাৰ অনুভৱ গোটেই দিনটোলৈ, ৰাতিৰ বিছনাৰ গাৰুটি সাৱটি লওঁতেওঁ সেই অনাবিল অনুভূতি  নতুবা স্মৃতিৰ কুসুম নিশিগন্ধা হৈ ৰৈ যাব বছৰ বছৰলৈ। 

এই যে এটি পলৰ ভালপোৱাও থাকে , কেতিয়াবা কেতিয়াবা অনুভৱ কৰিছা?

কেতিয়াবা কাৰোবাৰ ছবি এখনিয়ে আহি আমাক খুব পাগল কৰি থাকে, কিন্তু কাহানিও সেই বদনগৰাকীক তুমি তোমাৰ প্ৰেয়সী হিচাপেও বিচৰা নাছিলা তথাপি এনেই অহা যোৱা কৰি থাকে সেই দীপ্তমণ্ডল মুখখনি। কিন্তু তেওঁক সেইকথা নজনাবা .... জনালে তোমাৰ প্ৰতি থকা তেওঁৰ ভাল ধাৰণাটো সলনি হ'ব পাৰে। হয়তো তেৱোঁ তোমাৰ দৰে এজনক বিচাৰিছিল কিন্তু সময় অহাৰ আগতেই তেওঁ অন্য জীৱনৰ মাজত বন্দী হ'ল।কিন্তু জানিবা, তেওঁ তোমাক ভাল পাব নোৱাৰে ।তোমাৰ অনুভৱ, তোমাৰ কামকহে ভাল পায়। সেয়ে বেছি আকৰ্ষণ অনুভৱো নকৰিবা।‌ 

সেয়া মাথোঁ আমাৰ এটি পলৰ ভালপোৱা ।সেয়াও এক অনাবিল ভালপোৱা, সহজ।কোনো ক্ৰোধ,অহংকাৰ,অভিমান, আসক্তি....একো নাই। আছে মাথোঁ যত এক নিৰ্লোভ নিৰ্মল হৃদয়ৰ ভালপোৱা।


-সূৰজ বৰগোহাঁই


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.