কষ্টৰ ফল
কষ্টৰ ফল
নিজৰ সপোনবোৰ পূৰণ কৰিব বাবে কষ্ট কৰিবই লাগিব।
কষ্টৰ কাৰণে যুদ্ধ কৰিব পাৰিব লাগিব।
কেতিয়াবা হয়তো কষ্টই আমাক কন্দোৱাইছে।
কিন্তু আমি কষ্টৰ লগত যুদ্ধ কৰিব পাৰো,
তাৰ ফল এদিন নিশ্চয় পাম।
যেতিয়া আমি নিজৰ সপোনবোৰ পূৰণ কৰিব কাৰণে বহু ধৰণৰ মানুহৰ পৰা বহু কথা শুনা যায়।
তেতিয়া আমাৰ মাজত সাহস
নাইকীয়া হৈ যায়।
কষ্টক যদি আমি হজম কৰিব পাৰো ।
তেন্তে কষ্টই আমাক আৰু শক্তিশালী কৰি তুলিব।
নিজৰ ওপৰত আত্মবিশ্বাস ৰাখিব পাৰিব লাগিব।
কষ্ট কৰি নিজে নিজকে গঢ়িব পাৰিব লাগিব।
যদি আমি কষ্ট হৈছে বুলি একো নকৰোঁ ।
তেনেহলে জীৱনত কেতিয়াও সফল হ'ব নোৱাৰিম।
গতিকে কষ্ট কৰিবই লাগিব
কষ্টৰ ফল সদায় মিঠা ।
দেইজী কাৰ্খ বৰদলৈ

No comments