শেতা পৰা বিৰহ

 শেতা পৰা বিৰহ

===========




খঙত উতলি বাগৰে অভিমান

সুদূৰত শুনিলে বাঁ‌হীৰ সুৰ 

অপেক্ষা মাথোন সমিধান পাবলৈ

অচিনাকি মন চিনাকি নহ'ল

কিয় বাৰু গান তাতে শেষ হ'ল

গোট গোট আখৰৰ চিঠিখন

শেতেলিৰ তলত ৰাখিছোঁ‌ 

চকুপানী নিগৰে 

চিঠিখন সাবতি ধৰিলে বুকুত

ঘুনুক-ঘানাককৈ শুনিছোঁ খৱৰ

কলিজাৰ এটা কোনত সাচি ৰাখিছা মৰম 

উৱলি যোৱা চিঠিখন 

হাৱলি পৰা মনৰ দুখ 

চালনিৰে চালিছো শেতা পৰা বিৰহত ।

==========================

অনন্ত কুমাৰ ভূঞা



No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.