সতীয়া দেউতা

 সতীয়া দেউতা

নিজৰা বৰ্মন ডেকা , সৰ্থবাৰী

নাই... নাই..। এইটো সম্ভৱ নহয় । ইমান পৰিবৰ্তন কেনেকৈ সম্ভৱ। নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাই মই। সেই মানুহজনেই এইজননে ? 

মন্দিৰৰ গেটৰ ওচৰত অৱশভাবে বহি থকা চিনাকি মুখৰ মানুহজন দেখি ৰিয়া আচৰিত হৈ পৰে। পিন্ধদত উৱলি যোৱা পেন্ট-চাৰ্ট । দেখিলে এনেকুৱা লাগে যেন বহু দিন পেটলৈ খুদকণ এটিও যোৱা নাই। মানুহজনে তাইলৈ নোচোৱাকৈ সহায়ৰ বাবে হাতখন আগবঢ়ায় দিলে ।ওচৰলৈ গৈ ভালকৈ নিৰীক্ষণ কৰিলে তাই, হয় তাই ভবা মানুহজনেই সেইজন । কেনেকৈ পাহৰিব বাৰু তাই এই মানুহজনক ? যাৰ ব্যৱহাৰে অতিষ্ঠ কৰি তুলিছিল তাইক ফুলকোমলীয়া বয়সতে। সেই তেতিয়াই তাইৰ কোমল অন্তৰত অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ এক বিপ্লৱৰ জোৱাৰ উঠিছিল আৰু মাকৰ সৈতে নিশাৰ ভিতৰত গুচি আহিছিল আৰু আজিৰ এই অৱস্থা পাইছে মাকৰ অশেষ কষ্ট আৰু তাইৰ যত্নৰ ফলত ।  সহায় কৰিবনে তাই ভাবি পোৱা নাই। কিন্তু মাকে সদায়ে শিকোৱা কথা মনত পৰিল তাইৰ _যে আনে বেয়া কাম কৰিলেও আমি কেতিয়াও বেয়া কাম কৰিব নালাগে। নহ'লে দুইজনৰ মাজত পাৰ্থক্যই বা কি থাকিব ? সেয়ে তাই মানুহজনৰ হাতত ৫০০ টকীয়া নোট এখন দিলে । মানুহজনে টকাটো পাই আনন্দত আত্মহাৰা হৈ তাইক হিয়া উজাৰি আশীৰ্বাদ দিলে । আৰু ভগৱানক উদ্দেশ্যী ক'লে -হে প্ৰভু মোৰ পাপ কৰ্মৰ বাবে যি শাস্তি পাব লাগে পালোঁ, এতিয়া মাত্ৰ সিহঁতহালৰ ভাল খবৰ শুনিলে শান্তিৰে মৰিব পাৰোঁ। 

মানুহজনৰ কথা শুনি ৰিয়া কিছু সময় ৰৈ গ'ল। তাৰ পিছত তেওঁ ক'ত থাকে ঠিকনাটো লিখি ল'লে। ৰিয়াই মানুহজনক চিনি পালে যদিও তাইৰ পৰিচয় নিদিলে, মানুহ জনে কিন্তু ৰিয়াক চিনি নাপালে । কাৰণ কণমানি ৰিয়া এতিয়া ডাঙৰ হ'ল। 

মন্দিৰৰ পৰা ৰিয়া ঘৰলৈ উভতি আহি ভৰি হাত ধুই মাকৰ লগত ভাত পানী খাই অলপ জিৰণি লোৱাৰ বাবে বিচনাত দীঘল দিলে । মনলৈ বাৰে বাৰে মানুহজনৰ ছবিটো আহি থাকিল । বেয়া পালেও মানুহজনৰ বিষয়ে জানিবলৈ তাইৰ ইচ্ছা গ'ল । তাই মাত্ৰ মানুহজনে ওচৰৰ এজনী ছোৱালীক বিয়া পতা বুলি জানিছিল। তাৰ পিছৰ ঘটনা জানিবলৈ বিচৰা নাছিল। আজি হঠাতে মন্দিৰত দেখা পাই পুৰণি ভাল নলগা কথাবোৰ মনত পৰি গ'ল আৰু এই মানুহজনৰ বিষয়ে জানিবলৈ তাইৰ ইচ্ছা গ'ল। তাই কথাটো মাকক ক'ব নে নকব ভাবি পোৱা নাই । এইদৰে আকাশ পাতাল ভাবি থাকোতে মাকে তাইক মাত লগালে -

-মাজনী সন্ধিয়া হ'ল। উঠি আহা । প্ৰাৰ্থনা কৰিব লাগে।

-গৈছো মা  বুলি তাই বিচনাৰ পৰা উঠি গা পা ধুই চাকি জ্বলাই মাকৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে । 

তাই কিবা চিন্তা কৰা যেন দেখা পাই মাকে সুধিলে --

-মাজনী আজিনো ইমানকৈ কি ভাবি আছ । আন দিনাৰ দৰে স্ফুৰ্তি কৰা নাই। তুমিটো জানাই ন মাজনী মোৰ পৃথিৱীখন তোমাক লৈৱে গঠিত। তোমাক সুখী দেখিলে সুখী হওঁ । দুখী দেখিলে দুখ পাওঁ, চিন্তাক্লিষ্ট দেখিলে চিন্তিত হওঁ ।

--নাই মা । তেনে কোনো ভাবিব লগা বিশেষ কথা নহয় । এনেই কিবাকিবি ভাব আছোঁ মা । তুমি চিন্তা নকৰিবা ।

- মই তোমাৰ মা মাজনী । মোৰ চকুৰ পৰা তুমি সাৰি যাব নোৱাৰা । কিবা নিশ্চয় হৈছে তোমাৰ। কিন্তু মোক ক'বলৈ বিচৰা নাই। ঠিক আছে বাৰু পিছত কবা । এইবুলি কৈ মাকে ৰিয়াৰ ওচৰৰ পৰা ওলাই আহি পাকঘৰলৈ গ'ল । 



 ৰিয়াই মানুহজনৰ বিষয়ে মাকক ক'ব নে নক'ব তাকেই ভাবি থাকিল । তাইৰ মনৰ পৰ্দাত এটি এটিকৈ শৈশৱৰ প্ৰতিটো কথা ভাহি আহিল ।

দেউতাকৰ মৃত্যুৰ পিছত ঘৰৰ মানুহবোৰে অৰ্থাৎ খুৰা আৰু খুৰীমাকে সিহঁতক ভাল চকুৰে নাচাইছিল । ঘৰৰ সকলো কাম মাকৰ দ্বাৰা কৰাইছিল আৰু খাবলৈ দিছিল সিহঁতৰ কুকুৰটোক দিয়াতকৈও কম ভাত । মাছ আৰু মাংসৰ নামত হাড় মুৰহে দিছিল। ৰিয়াই কেতিয়াবা মাংস খাবলৈ জেদ ধৰিলে মাকে খং কৰি তাইক মাৰে আৰু পিছত ৰুমৰ ভিতৰত সোমাই তাইক বুকুৰ ভিতৰত সোমাই লৈ নিজেও কান্দে । ৰিয়াই মাথো মাকলৈ ভেবা লাগি চাই ৰৈছিল । ৰিয়াৰ মাকে সকলো অত্যাচাৰ সহ্য কৰিছিল কাৰণ তেওঁ মাকৰ ঘৰলৈও যাব নোৱাৰে। ঘৰৰ মানুহৰ অমান্তিত পল্লৱলৈ পলাই আহি মন্দিৰত বিয়া পাতিছিল আৰু তেতিয়াৰ পৰাই দেউতাকে ৰিয়াৰ মাক মামণিক মাকৰ ঘৰলৈ যোৱা ৰাস্তা বন্ধ কৰি দিছিল। গতিকে দেউতাকে নিজে নমতাকৈ তাই কেনেকৈ যাব মাকৰ ঘৰলৈ। গতিকে সকলো সহ্য কৰিছিল আৰু আনৰ কাপোৰ বৈ ৰিয়াৰ পঢ়া খৰচৰ বাবে জমা কৰি থৈছিল। 

এদিন ৰিয়াই মাকৰ তাঁতৰ পাতত বহি মাকে শালবোৱা চাই আছিল। এনেতে গাওঁৰে সকলোৰে মনত ভাল বুলি পৰিচিত ভৃগু নামৰ ল'ৰাজনে মাকক কাপোৰ বৈ দিবলৈ খাটনি ধৰিছিল আৰু টকা দিছিল। মাকৰ পৰা ভৃগু নামৰ ল'ৰাজনে মাজে মাজে কাপোৰ নিয়ে আৰু টকা দিয়ে আৰু ৰিয়াকো বহুত মৰম কৰিছিল। খুৰকহঁতে গম নোপোৱাকৈ মনে মনে ভাল ভাল খোৱা বস্তু আনি দিছিল। আৰু এদিন মাকক কোৱা তাইৰ স্পষ্টকৈ মনত আছে - মামণি তোমাক মই ভাল পাওঁ। তোমাৰ একো আপত্তি নাথাকিলে মন্দিৰত গৈ তোমাক বিয়া পাতি মোৰ ঘৰলৈ লৈ যাম । কথা শুনি মাকে টিঙিৰি তুলা হৈ উঠি তাক বহুত বেয়া কৈছিল। ৰাতি দেউতাকৰ ফটো খন সাবটি ধৰি খুব কান্দিছিল । 

ভৃগু নামৰ ল'ৰাজনে মাকক বিয়া কৰাব বুলি খুৰাক আৰু খুৰিমাককো কৈছিল। সিহঁতে শুনি বৰ ভাল পালে আৰু মাক জোৰ জবৰদস্তি কৰিলে বিয়া হ'বলৈ । কাৰণ মাক আৰু ৰিয়া সিহঁতৰ বাবে বোজা আছিল। আনহাতে সিহঁত নাথাকিলে সিহঁতৰ ভাগৰ সম্পত্তিও খুৰাকহঁতৰ হ'ব। সেয়ে খুৰাকহঁতে মাকক বিয়া দিয়াৰ বাবে উঠি পৰি লাগিল। মাকে খুৰাকক কোৱা তাইৰ মনত আছে । মাকে কৈছিল-ভাইটি মোক মোৰ অৱস্থাত থাকিবলৈ দিয়া। দ্বিতীয় বিবাহ কৰিবলৈ বাধ্য নকৰিবা। প্ৰথম সংসাৰত সুখী হ'ব নোৱাৰিলোঁ যেতিয়া দ্বিতীয় সংসাৰ নকৰোঁ। ৰিয়াক লৈ জীৱনৰ বাকীছোৱা সময় কটাম । আনহাতে মোৰ ৰিয়াক আন পিতৃৰ নাম দিব নিবিচাৰোঁ। ৰিয়াক সতীয়া দেউতাকে কেতিয়াও আপোন কৰিব নোৱাৰিব । 

কিন্তু মামণিৰ কথা ৰিয়াৰ খুৰাকে ক'ত শুনিব । কেনেকৈ বিয়া দি আঁতৰাব পাৰে সেই চিন্তাত ব্যস্ত থাকিল । ভৃগুক মাতি আনি ৰিয়াক নিজৰ ছোৱালীৰ দৰে মৰম কৰিবনে নাই কথা দিব ক'লে। ভৃগুই কথা দিলে । তথাপিও ৰিয়াৰ মাকে এই বিয়াত সন্মতি নিদিলে । আৰু এদিন খুৰাকহঁতে ৰিয়া আৰু ৰিয়াৰ মাক মামণিক নিচাযুক্ত ঔষধ  খুৱাই মামণিৰ লগত ভৃগুক একেটা কোঠাত থাকিব দিলে । ৰাতিপুৱা যেতিয়া সাৰ পাঈ উঠে ভৃগুক সিহঁতৰ কোঠাত একেখন বিচনাত দেখি আচৰিত হ'ল। তাতোকৈ আচৰিত কথা যে চোতালত গাওঁৰ মানুহে ভৰি পৰিছে। আৰু মামণিক নষ্ট চৰিত্ৰৰ দাগ লগাই দি ভৃগুৰ লগত বিয়া পাতি দিলে । যিজন মানুহক (ভৃগুক) সকলোৱে শান্ত বুলি প্ৰশংসা কৰে তেওঁ আজি ৰিয়াৰ মাকৰ লগত ইমান বেয়া কাম কেনেকৈ কৰিলে । একমাত্ৰ শাৰীৰিক সুখৰ বাবে কাৰোবাৰ জীৱনৰ কথা এবাৰো ভাবিবলৈ মনত নাহিল। কি আচৰিত প্ৰাণী। অৱশেষত ৰিয়াক নিজৰ সন্তানৰ দৰে মৰম কৰাৰ প্ৰতিশ্ৰুতি লৈ ৰিয়াৰ মাকে ভৃগুৰ লগত বিয়াত বহিল । 

মুখা পিন্ধা ভৃগুই মানুহক দেখুৱাই ৰিয়াক মৰম কৰে আৰু কোনো নাথাকিলে মনে মনে মাৰিবলৈ আৰম্ভ কৰে। লাহে লাহে ৰিয়াই বুজি পোৱা হ'ল মানুহজনৰ মতলৱ । মাকক তাই সতীয়া দেউতাকে কৰা অত্যাচাৰৰ কথা কৈ দিয়ে। আৰু ৰাতি দুয়োৰে কাজিয়া লাগে। ৰিয়াৰ বাবে কাজিয়া লগা বুলি ভৃগুৰ ৰিয়াৰ ওপৰত খং আৰু বাঢ়ি গ'ল। আৰু এদিন ৰাতি মামণিৰ চিলমিলিয়া টোপনি আহিব ধৰাত ভৃগুই হিংস্ৰ জন্তুৰ দৰে ৰিয়াৰ ওপৰত জপিয়াই পৰিল । লগে লগে মামণি সাৰ পাই উঠে আৰু নিজৰ চাদৰখনেৰে তাক বিচনাৰ খুটাত বান্ধি ৰিয়াক লৈ বাহিৰ ওলাই আহে আৰু বাহিৰৰ পৰা দুৱাৰ খন বান্ধি থৈ সেই ৰাতিয়েই তাৰ পৰা আতঁৰি আহে। ৰিয়াৰ মাকৰ বনাই লোৱা ভাইটি এজন আছিল। তাক তেওঁ আগৰে পৰাই সকলো কথা কৈছিল। সেই দিনা ৰাতি ৰাস্তাত ভৰি থৈ তালৈ ফোন কৰিছিল। আৰু ভাইটিয়ে তাৰ গাড়ীখন লৈ আগবাঢ়ি আহিছিল আৰু সিহঁতক লৈ গৈছিল তেওঁৰ মোমায়েকৰ ঘৰলৈ । কাৰণ মোমায়েকৰ গুৱাহাটীৰ ঘৰত এঘৰ ভাৰাতীয়াৰ বাদে কোনো নাই থকা মানুহ । সেয়ে মামণি আৰু ৰিয়াক তাতেই থাকিবলৈ দিলে । ৰিয়াই অৱশ্যে ৰিয়ানক (বনাই লোৱা ভাইটি) নিজৰ মোমায়েক বুলিয়ে ভাবিছিল কাৰণ ৰিয়ানে নিস্বাৰ্থ ভাবে ৰিয়াক সৰুৰে পৰা মৰম কৰিছিল। মামণি নিজৰ মাকৰ ঘৰলৈ যাব নোৱাৰে বাবে ৰিয়ানৰ ঘৰখন নিজৰ মাৰ ঘৰ যেন অনুভৱ কৰিছিল কাৰণ ৰিয়ানৰ মাক দেউতাকেও নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিল । গুৱাহাটীলৈ যোৱাৰ পিছত ৰিয়ানৰ মোমায়েকে এটি ভাল কোম্পানীত ৰিয়াৰ মাকক চাকৰিত সোমায় দিলে আৰু তেওঁৰ ঘৰত ভাৰা নোলোৱাকৈ থাকিব দিলে । মামণি ভাবিলে যে এই সংসাৰত মানুহ ৰূপী ৰাক্ষস যিমান আছে মানুহ ৰূপী ভগৱানো কম নাই। সেয়ে তাইক নিৰাপত্তা দিবলৈ ভায়েকৰ ৰূপত ভগৱানে ৰিয়ানক পঠাইছে । লাহে লাহে ৰিয়া ডাঙৰ হ'ল। মানুহৰ মুখে শুনিলে যে সতীয়া দেউতাকে ওচৰৰ গাঁওৰ এজনী ছোৱালী বিয়া পাতিলে । ল'ৰা দুজন জন্ম পালে । সৰুৰে পৰা দুয়োজন বদমাচ । পঢ়া-শুনাত মন নাই, ডাঙৰৰ কথা নুশুনে, অনাই বনাই ঘুৰি ফুৰে । মানুহে কয় মুখা পিন্ধা ভদ্ৰলোকৰ অৱস্থা এনেকুৱা হ'বই । ৰিয়াই সতীয়া মাকৰ অত্যাচাৰৰ কথা শুনিছিল কিন্তু সতীয়া দেউতাকৰ অত্যাচাৰত নিজে ভুক্তভুগী । সঁচাকৈ বৰ অসহনীয়। 

ৰিয়াৰ সৰুৰে পৰা পঢ়া-শুনাত ৰাপ আছিল।চোকা বুদ্ধিৰ ৰিয়াই প্ৰতি বছৰ প্ৰথম হৈ পাছ কৰিছিল। মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিছিল আৰু এতিয়া তাই এগৰাকী অভিযন্তা। মাকক তাই চাকৰি বাদ দিব দিছে । 

ৰিয়াই ভাবি থাকোতেই চকু পানী ওলাইছিল। মাকে দেখা পাই পুনৰ সুধিলে --কি হ'ল মাজনী ? চকুত চকুপানী যে ।

ৰিয়াই ক'লে --মা তোমাক এটা কথা কম বুলি ভাবি ক'ব পৰা নাই। যানোচা তোমাৰ খং উঠে।

--কোৱা আকৌ কি কথা । খং নো কিয় উঠিব মোৰ । নুঠে দিয়া। কৈ যোৱা ।

---মা আজি মন্দিৰত এজন মানুহ লগ পাইছিলো । বহু চিনাকি।

--কোন আৰু তুমি কেনেকৈ চিনি পোৱা।

--মানুহজনে খোজেই কাঢ়িব নোৱাৰে। মই ভালকৈ খাবলৈ ৫০০ টকা এটা দি আহিছোঁ।

--ভালেই কৰিছা। পিছে মানুহ জন কোন? 

---কোন বুলি বাৰু কওঁ । পৰিচয় দিয়াৰ মন নাই। তথাপিও কওঁ মানুহজন ভৃগু বৰুৱা। পুতেক হঁতৰ অত্যাচাৰত পিছৰ ঘৈনীয়েক জনী মৰিছে হেনো । আৰু তেওঁকো ঘৰৰ পৰা বাহিৰ কৰি দিছে।

--যেনে কৰ্ম তেনে ফল মাজনী । তথাপিও তুমি যে টকা দি আহিছা তোমাক তাৰ বাবে ধন্যবাদ। প্ৰয়োজনবান জনক সহায় কৰিব লাগে। 

--আচৰিত পৰিবৰ্তন মা । এসময়ত দ্প্ দপাই থকা মানুহজন আজি এমুঠি খাদ্যৰ বাবে দিনৰ দিনটো ৰৈ থাকিব লাগে। মই তেওঁৰ ঠিকনা আনিছোঁ । কেতিয়াবা খবৰ ল'ম ।

এনেদৰে আলোচনা কৰি দুয়ো ভাত পানী খাই শুই থাকিল। পিছদিনা দুয়ো মানুহজনৰ ঘৰ বিচাৰি গ'ল আৰু লগ কৰি নিজৰ পৰিচয় দিলে তেওঁৰ ওচৰত। মানুহজনৰ পৰা যিখিনি কথা শুনিলে শুনি ৰিয়া আৰু মাকৰ ভৰিৰ তলৰ পৰা মাটি খহি পৰা যেন পালে । কাৰণ ৰিয়াৰ মাকক জোৰকৈ বিয়া কৰাবলৈ আৰু দুয়োকে অত্যাচাৰ কৰিবলৈ ৰিয়াৰ খুৰাকহঁতে কৈছিল। সম্পত্তিৰ লোভত মানুহ যে ইমান নীচ কাম কৰে আচৰিত। মানুহজনে ৰিয়াহঁতৰ ওচৰত ক্ষমা বিচাৰিলে তেওঁ কৰা প্ৰতিটো বেয়া কামৰ । 

ৰিয়াৰ বেয়া লাগিল মানুহ জনলৈ । সেয়ে তাই বৃদ্ধাশ্ৰমত মাহে মাহে টকা দিব বুলি কথা দি তাতে মানুহজনক থৈ আহিছিল। আৰু তাইৰ বিয়ালৈ নিব আহিব বুলি কৈছিল। ৰিয়াৰ বিয়ালৈ বেছি দিন নাই। গুৱাহাটীলৈ অহাৰে পৰা একেলগে পঢ়া তন্ময়ৰ লগত বিয়া হ'ব। তন্ময় আমেৰিকাত থাকে। বিয়াৰ পিছত মাককো আমেৰিকালৈ নিব । এইবোৰ কথা ৰিয়াই মানুহজনক কৈছিল। মানুহজনে এটি দুখৰ হুমুনিয়াহ কাঢ়িছিল আৰু তাইক ভৱিষ্যত জীৱন ৰঙীন হোৱাৰ বাবে আশীৰ্বাদ দি বৃদ্ধাশ্ৰমৰ পৰা নোহোৱা হৈছিল। ৰিয়াই বিয়ালৈ মাতিব গৈ সতীয়া দেউতাকক নাপাই মনত দুখ পাইছিল। কাৰণ মানুহজনে নিজৰ ভুল বুজি পাই অনুশোচনাত দগ্ধ হৈছিল। তাৰ পিছৰ পৰা ৰিয়াহঁতে আৰু মানুহ জনক কোনো দিন দেখা পোৱা নাই।তাইৰ বিয়ালৈ সতীয়া দেউতাকলৈ কিনা পেন্ট চাৰ্টযোৰ স্মৃতিৰ সৰাপাত হৈ ৰল চিৰদিনলৈ।


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.