বহূতে নিজকে সলনি কৰিবলৈ কিয় ভয় কৰে ?
বহূতে নিজকে সলনি কৰিবলৈ কিয় ভয় কৰে ?
ডাঃ নেৱাজ শ্বৰিফুল হক
নিজকে সলনি
কৰাৰ অৰ্থ হ’ল পুৰণি জীৱনৰ পৰা নিজকে আঁতৰাই পেলোৱা,
সম্পূৰ্ণ
নতুন কিবা এটাৰ সৈতে নিজকে চিনাকি কৰাই দিয়া। কিছুমান নিজৰ জীৱনশৈলী, কিছুমান অভ্যাস, কিছুমান বিশেষ কাম জীৱনৰ পৰা একেবাৰে আঁতৰাই দিয়া। পৰিৱৰ্তন সদায় সুখদায়ক নহয় সেয়েহে বহূতে যি পৰিৱেশ-পৰিস্থিতিৰ লগত যেনেদৰে নিজকে খাপ খুৱাই লৈছে, তাৰ পৰা হঠাতে ওলাই আহি নিজকে সলনি কৰাটো পছন্দ নকৰে।বহুতে নিজকে সলনি কৰি সময় পৰিস্থিতিৰ লগত খাপ খুবাই চলিবলৈ অতিকৈ ভয় কৰে। প্ৰশ্ন হয় এই ভয় কি আৰু কিহৰ? আৰু সেই
ভয়ক জয় কৰিব, জীৱনত পৰিৱৰ্তন কেনেকৈ আনিব পাৰি?
প্ৰতিজন
মানুহৰে নিজস্ব এক ব্যক্তিগত সত্তা আছে আৰু কোনেও নিজৰ ব্যক্তিগত সত্তা হেৰুৱালে নোখোজে । নিজকে সলনি কৰিলে বহুতে নিজৰ ব্যক্তিগত সত্তাত পৰিৱৰ্তনৰ আশংকা কৰে, এই ভয়ৰ বাবেই বহুতে নিজকে সলনি
কৰাৰ পৰা বিৰত থাকে।
মানুহে আনৰ
দৃষ্টিত ভাল হ’ব বিচাৰা, আনৰ দৃষ্টিত ভাল দেখাব বিচাৰাটো মানুহৰ এক স্বভাৱগত বৈশিষ্ট। সেইবাবেই আমি মানুহৰ মতামতক
মূল্য দিওঁ। যেতিয়াই এজনে নিজকে সলনি কৰাৰ কথা ভাবে
তেতিয়াই মানুহৰ মতামত স্বাভাৱিকতে মনলৈ আহে। সেইবাবেই বহুতে নিজকে সলনি কৰাৰ পৰা বিৰত থাকে। অনবৰতে আনৰ মতামত চিন্তা কৰিলে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাত
নেতিবাচক প্ৰভাৱ পৰে। সেইবাবেই আনৰ কথা নাভাবি নিজৰ
ইচ্ছাৰ কথা নিজৰ সুবিধা অসুবিধাক গুৰুত্ত দিব
লাগে আৰু সেই ধাৰণা
অনুসৰি কাম কৰিব লাগে।
নিজকে সলনি
কৰিব বিচৰাৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল নিজৰ বেয়া অভ্যাসৰ পৰা মুক্তি পাই নিজকে
পুনৰ গঢ়ি তোলা। ইয়াক বহুবাৰ দেখা যায়, আৰম্ভ হোৱাৰ আগতেই বহুতে ৰৈ যায়। কাৰণ, বহুতৰে নিজকে সলনি কৰিবলৈ বা
নিজকে নতুন ভাল মানুহ হিচাপে গঢ়ি তুলিবলৈ আত্মবিশ্বাস নাথাকে। কোৱাৰ দৰে মানুহ অভ্যাসৰ দাস। দৈনন্দিন জীৱনত কিছুমান বিশেষ কাম আছে, যিবোৰ নিয়মিতভাৱে কৰাৰ অভ্যাসত পৰিণত হয়। সেই অভ্যাসবোৰ পেলাই দি নিজকে নতুন মানুহ হিচাপে সালসলনি
কৰাটো অতি কঠিন। অভ্যাস সলনি হোৱাৰ ভয়ত বহুতে
নিজকে সলনি কৰিবলৈ ভয় কৰে।
নিজকে সলনি
কৰাৰ প্ৰথম পদক্ষেপটো হ’ল সলনি কৰাৰ সিদ্ধান্ত লোৱা। যদি সৰুৰে পৰা সিদ্ধান্ত লোৱাৰ ক্ষমতা গঢ় লৈ উঠা নাই, তেন্তে ইয়াৰ প্ৰভাৱ গোটেই জীৱন থাকে। নিজকে সলনি কৰাৰ সিদ্ধান্ত লোৱাটো জীৱনৰ অন্যতম ডাঙৰ সিদ্ধান্ত। কাৰণ সঠিক সময়ত সিদ্ধান্ত ল’ব নোৱাৰিলে, পিছলৈ ইচ্ছা কৰিলেও নিজকে সলনি কৰাটো টান হৈ পৰে।
নিজকে সলনি
কৰিবলৈ বহুত কষ্ট আৰু সময়ৰ প্ৰয়োজন।
বহুতৰে বাবে
ই কেৱল এক বিলাসীতা। দৈনন্দিন কামৰ মাজত যদি নিজৰ
বাবে সময় বিচাৰি নাপায় তেন্তে নিজকে সলনি কৰাটো অসম্ভৱ। নিজকে সলনি কৰাৰ কথা চিন্তা
কৰাটো ভৱিষ্যতৰ কথা চিন্তা কৰাৰ পৰাই আহে।
অদূৰ
ভৱিষ্যতে নিজকে নতুন ব্যক্তি হিচাপে চাবলৈ চেষ্টা কৰি সকলোৱে পৰিৱৰ্তন হ’বলৈ আৰম্ভ
কৰে। কিন্তু যদি সেই অদূৰ ভৱিষ্যতক
লৈ সন্দেহ হয়, তেন্তে নিজকে সলনি কৰিবলৈ আৰম্ভ
কৰাটো কঠিন।
নিজৰ
জীৱনশৈলী, অভ্যাস বা যিকোনো পৰিস্থিতি
সলনি কৰাটো এটা ডাঙৰ সিদ্ধান্ত।
সেই
সিদ্ধান্ত ল’বলৈ ভয় কৰাটো অস্বাভাৱিক নহয়। আনকি খোজৰ পৰা এখোজলৈ বাধা আহিব। কিন্তু নিজকে সলনি কৰাৰ মূল লক্ষ্য অক্ষত থাকিব লাগে।

No comments