অৱহেলিত মই

 অৱহেলিত মই
আগ্ৰহী নহয় যে এতিয়া কোনো,

ব্যস্ত যে এতিয়া সকলো..।

সকলোতে আজি অৱহেলিত যে মই...।

যোগ্যতা থাকিও যে অৱহেলিত মই..।

কিয়নো অৰ্থৰ আগত আজি পৰাজয় যে মই!

সমাজ,দেশৰ আগত শেষৰ শ্ৰেণীত যে মই !

কিয়নো সত্যৰ সৈতে সদায় একত্ৰিত যে মই ।

স্বাধীন দেশত আজি পৰাধীন যে মই,

মুক্ত কণ্ঠ লৈয়ো আজি নিমাত যে মই!

উচ্চ শিক্ষীত হৈয়ো আজি নিবনুৱা যে মই !

দুখীয়া হৈ আজি সমাজ, দেশৰ গোলাম যে মই।



যিদিনাখন হেৰাই যাম এই

অচিন পৃথিৱীৰ পৰা...

মোৰ আমনি বোৰে মনত পেলাব কোনো প্ৰয়োজন অবিহনে ।

মই অবিহনে ৰৈ নাথাকিব যে কোনো,

সকলো যে চলিব ঠিক এতিয়াৰ দৰেই।

ব্যস্ত মানৱ,ব্যস্ত পৃথিৱী, বৰ ব্যস্ত,

লগ পাম এদিন বিশেষ স্থানত,

 যদি হওঁ সফল....।

তেতিয়ালৈকে ভালে থাকক সকলো ।


মোজাহিদুল আলম

          (লখিমপুৰ)

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.