নাছিৰ আহমেদ
নাছিৰ আহমেদ
মোৰ নাম:- নাছিৰ আহমেদ ( আচলতে চাৰ্টিফিকেট মতে মোৰ নাম নাছিৰ উদ্দিন আহমেদ। কিন্তু লিখা-মেলা কৰাৰ পৰা মোৰ নাম নাছিৰ আহমেদ হিচাপে লিখি আছোঁ)
পিতৃ:- প্ৰয়াত আফতাব উদ্দিন আহমেদ।
মাতৃ :- প্ৰয়াত ফয়জান নেছা।
গাঁও -শিমলাবাৰী ( পশ্চিম গাৰো হিলছ, মেঘালয়ৰ টিক্ৰীকিল্লা বজাৰৰ ওচৰত)
জিলা -গোৱালপাৰা (অসম)
জন্মৰ তাৰিখ:-০১/০৮/১৯৫৬
মোৰ পত্নী, দুজন ল'ৰা আৰু এজনী ছোৱালীৰ সৈতে সৰু পৰিয়াল। দূৰ্ভাগ্যজনক ভাবে ডক্টৰৰ ভুল চিকিৎসাৰ বাবে মোৰ প্ৰথম ল'ৰাজন সৰুৰে পৰা চেৰিব্ৰেল পালচি বেমাৰত আক্ৰান্ত হৈ শাৰীৰিক আৰু মানসিক ব্যাধি-গ্ৰস্থ।
ছোৱালীজনী বাঙ্গালোৰ বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান বিভাগৰ মাইক্ৰো বায়লজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি গোৱালপাৰা চহৰৰ এখন প্ৰাইভেট কণিষ্ঠ মহাবিদ্যালয়ত শিক্ষকতা কৰি আছিল। ২০২১ চনৰ ৫ নৱেম্বৰত তাই বিবাহ পাশত আবদ্ধ হৈ গুৱাহাটীৰ হাতীগাঁৱৰ বাসিন্দা।
সৰু ল'ৰাজনে প্ৰাগজ্যোতিষ মহাবিদ্যালয়, গুৱাহাটীৰ পৰা প্ৰাণীবিদ্যাত স্নাতক ডিগ্ৰী আৰু ডাউন টাউন বিশ্ববিদ্যালয়ৰ পৰা বি ফাৰ্ম ডিগ্ৰী লাভ কৰি বৰ্তমান হাতীগাঁৱৰ এখন প্ৰাইভেট ফাৰ্মাচী মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে শিক্ষাদান কৰি আছে।
মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৮৩ চনত অসমীয়া বিভাগত ( সাহিত্য শাখা) স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰোঁ।
আকৌ ১৯৯৬ চনত কটন মহাবিদ্যালয়ৰ পৰা প্ৰাইভেটকৈ অসমীয়া বিভাগত ( ভাষা শাখা) স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰোঁ।
১৯৮৩ চনৰ পৰা ১৯৮৭ চনলৈকে ওৱেষ্ট গোৱালপাৰা কলেজ, আমবাৰী, গোৱালপাৰা জিলা গোৱালপাৰা আৰু হাব্ৰাঘাট মহাবিদ্যালয়, কৃষ্ণাই, গোৱালপাৰা জিলাত প্ৰবক্তা হিচাপে শিক্ষাদান কৰি ১৯৮৭ চনৰ পৰা ২০১৬ চনৰ ১ আগষ্টলৈকে জলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমীয়া বিভাগত বিষয় শিক্ষক হিচাপে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰোঁ আৰু আমি কেইজনমান মিলি স্থাপন কৰা ব্ৰাইট ষ্টাৰ আদৰ্শ বিদ্যালয়, শিমলাবাৰীত অধ্যক্ষৰূপে কাৰ্য-নিৰ্বাহ কৰি আছোঁ।
মই টিক্ৰীকিল্লা উঃ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতেই মোৰ দ্বাৰা সম্পাদিত বিদ্যালয়ৰ আলোচনী "জাগৰণ" ত মোৰ জীৱনৰ প্ৰথম লিখা " জীৱন সমুদ্ৰৰ উত্তাল তৰঙ্গত" নামৰ চুটিগল্প প্ৰকাশ হোৱাৰ পৰাই মোৰ সাহিত্য চৰ্চাৰ যাত্ৰা আৰম্ভ হয়। আৰম্ভণিতে অসংখ্য চুটিগল্প ৰচনা কৰিছিলোঁ যদিও সংৰক্ষণৰ অভাৱত হেৰাই গৈছে। বি এন কলেজত ( ধুবুৰী) পঢ়ি থকা সময়ত বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাত মোৰ স্বৰচিত কবিতা " এজাক বগলী" প্ৰথম স্থান অধিকাৰ কৰাত পৰৱৰ্তী কবিতা চৰ্চাত বেছি মনোনিবেশ কৰোঁ।
ছাত্ৰ জীৱনৰ পৰা এতিয়ালৈকে মোৰ লিখা কবিতা, গল্প, প্ৰবন্ধ আদি বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰাচীৰ পত্ৰিকা, আলোচনী, সাহিত্য, সংস্কৃতিৰ অনুষ্ঠানত যেনে শিল্পী দিৱস , ৰাভা দিৱস, চিলাৰায় দিৱস,ডঃ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস,দেশী জন-গোষ্ঠীয় মঞ্চৰ বিভিন্ন অনুষ্ঠান,বিহু উৎসৱৰ অনুষ্ঠান,শিক্ষক সন্থাৰ অনুষ্ঠান, সাহিত্য সভাৰ পত্ৰিকা ( অসম সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা শ্ৰদ্ধাৰ সাহিত্যিক হিতেশ ডেকা ছাৰৰ সময়ত ময়ো ময়ো অসম সাহিত্য সভাৰ সদস্য আছিলোঁ) গৰীয়সী, প্ৰকাশ, সাতসৰী, প্ৰান্তিক আদিকে কৰি বিভিন্ন বাতৰি কাকত আৰু আলোচনীত মোৰ লেখা নিয়মীয়াকৈ প্ৰকাশ হৈ আছে।
তদুপৰি ২০১৪ চনৰ পৰা ফেচবুকৰ সাহিত্য গোটসমূহৰ লগতো সক্ৰিয় অংশ গ্ৰহণ কৰি মোৰ লিখা-মেলা চলি আছে। ইতিমধ্যে গোটসমূহৰ পৰা মাজে মাজে নানা মানপত্ৰ, সপ্তাহ, মাহৰ শ্ৰেষ্ঠ কবিৰ সন্মান। বিভিন্ন প্ৰতিযোগিতাত শ্ৰেষ্ঠ আসন আৰু বিভিন্ন বঁটা-বাহন লাভ কৰি আছোঁ যদিও এষাৰ কথা মই কব বিচাৰোঁ যে, মই এতিয়াও প্ৰতিষ্ঠিত কবি বা সাহিত্যিক বুলি নিজকে নাভাৱোঁ। মই সাহিত্যক সাধনা হিচাপে লৈ সাহিত্য চৰ্চা কৰা এজন সামান্য ব্যক্তিহে ।
যি কি নহওঁক, এতিয়ালৈকে মোৰ চাৰিখন পুথি প্ৰকাশ হৈছে।
১/ এমুঠি জিলমিল জোনাকৰ সন্ধানত ( কবিতা পুথি)
২/ আকৌ নতুন প্ৰভাত হ'ব ( কবিতা পুথি)
৩/ পৃথিৱীৰ দুখ ( গল্প পুথি)
৪/ শইচৰ ভঁৰাল ( প্ৰবন্ধ পুথি)
আৰু কেইবাখনো পুথিৰ পাণ্ডুলিপি প্ৰস্তুত হৈছে।
মই বিভিন্ন কলা, কৃষ্টি সংস্কৃতি আৰু সাহিত্যৰ সংগঠনৰ লগত জড়িত হোৱাৰ ওপৰিও বিভিন্ন সামাজিক কামতো জড়িত হৈ আছোঁ।
বৰ্তমান অবিভক্ত গোৱালপাৰা জিলা , মেঘালয়ৰ গাৰোহিলচ, কামৰূপৰ বকো অঞ্চল আৰু বৰপেটাৰ পশ্চিম অংশ লৈ গঠিত হোৱা খিলঞ্জীয়া দেশী দেশীৰ সংগঠন " দেশী জন-গোষ্ঠীয় মঞ্চ,অসমৰ উপদেষ্টা তথা মুখপত্ৰ" দেশীকণ্ঠ" সম্পাদনা সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ।
No comments