শিক্ষাগুৰুলৈ সশ্ৰদ্ধ প্ৰণাম

 শিক্ষাগুৰুলৈ সশ্ৰদ্ধ প্ৰণাম

                                                                        আয়নাল হক,ধুবুৰী 


হে চিৰ নমস্য---

মোৰ শিক্ষাগুৰু ,

তুমি দেখুৱাই দিয়া পথেৰেই

আগবাঢ়ি গৈ আছোঁ।

জ্ঞানৰ শলিতাডাল জ্বলাই

পোহৰালা মোৰ অন্ধকাৰ মনৰ আকাশ,

তুমি পথ প্ৰদৰ্শক হোৱাৰ বাবেই

পিছলি পৰা নাই কোনোদিনে

নৈতিকতাৰ শুকুলা আৱৰণখন

যিদিনাই দিলা পিন্ধাই

সিদিনাই মানুহ হোৱাৰ পণ

লৈছিলোঁ গোপনে--!

তোমাৰ ঋণ

পৰিশোধ কৰিব নোৱাৰোঁ হে শ্ৰদ্ধেয়,

তুমি দিয়া জ্ঞানেৰে

সমাজখন গঢ়িব পাৰিলে

হয়তো তুমি হ'বা ধন্য

আৰু মইও হৈ ৰ'ম চিৰ কৃতজ্ঞ

তোমাৰ পদকমলত।

হে গুৰু,

আজিৰ এই শিক্ষক দিৱসত

তোমাক পুনৰ জনালোঁ সশ্ৰদ্ধ প্ৰণাম


   


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.