তুমি মোক নামাতিলা

 তুমি মোক নামাতিলা

*********************

                         (গদ্য কবিতা)

 

তোমাৰ উপবনত স্নিগ্ধ কুসুম সুবাস,

স্বৰ্ণ লতিকা ভৰা প্রেম মালা। 

শীতল সুন্দৰ সৰোবৰৰ ছাঁয়া, 

ললিতা কন্ঠত গুনগুনাই উঠা প্রেমা ধ্বনি, 

অথচ স্বাদ ল'ব নামাতিলা মোক।


কুন্ঠবোধত আছিলানে তুমি? 

নে প্ৰকৃতিৰ বিতোপন সৌন্দৰ্য্যত মুগ্ধ আছিলা তুমি! 

ছাগে তুমি ব্যস্ত আছিলা, সেউজৰ সেউজীয়াত! 

ন'হলে তুমি কিয় মোক নামাতিলা? 

তোমাৰ অতি ব্যস্ততাৰ ক্ষণত। 


বাৰু যি হ'ল যাব দিয়া, 

ভুল ভাবিয়ে ক্ষমা কৰি দিম। 

তাতকৈ বেছি আৰু কি নো কৰিব পাৰিম! 

মই যে জীৱন-মৰণৰ শপতত বান্ধ তোমাৰ ওচৰত,

তোমাৰ চকুত পানী যাতে নাহে, 

সেইটোৱে মই বিচাৰো। 

বাবেই অতিশয় নিস্তব্ধ হৈ,

চকুৰ আগত ঘটা ঘটনাৰ আনন্দ লওঁ। 


তোমাৰ অতি ব্যস্ত ক্ষণত,

মোক নামাতিলা 

তাক লৈ মোৰ কোনো দুখ নাই।

মনত অকণো তোমাক লৈ হিংসা নাই, 

মাত্ৰ সামান্য হৃদয়খন অলপ জ্বলিছে, 

সেইটোও আকৌ কাকো উমান পাব দিয়া নাই,

তোমাকো নজনালোঁ। 

হৃদয়খন এইকাৰণেই জ্বলিছে, 

তুমি সেই মুহুৰ্তত মোক পাহৰিলা।

যি মুহুৰ্ত তোমাৰ জীৱনৰ অতি মূল্যৱান, 

অথচ আমি দুয়ো শপতত আবদ্ধ আছিলোঁ যে, 

যিকোনো পৰিস্থিতিতে আমি দুয়ো দুয়োৰে নাম সুঁৱৰি যাম।

আৰু তুমি এই শপত দ্বিখন্ডিত কৰিলা।


তুমি মোক নামাতিলা, 

তাক লৈ মোৰ অকণো অভিমান জন্মা নাই, 

অকণো চকুলো অহা নাই। 

মই বৰং ভালেই পাইছোঁ, 

তুমি নিজৰ সিদ্ধান্ত নিজে ল'ব পাৰিছা। 

নিজৰ ভৰিত নিজে থিয় দিব পাৰিছা,

নিজৰ আত্মবিশ্বাস পুনৰ ঘূৰাই পাইছা। 

কিন্তু, মোৰ হৃদয়ক লৈ নো কি কৰিম? 

মোৰ হৃদয় যে অতি কোমল! 

তুমি মোক নামাতিলা তাৰ বেদনা যে,

সহিব নোৱাৰি নিচেই অনন্ত, গভীৰ সজ্জাত পাৰি দিছে।


বলা মই সকলো সহি যাম, 

মাথোঁ তোমাৰ মৰম মোক দি যাবা। 

স্নেহৰ বান্ধোনেৰে মোক আগুৰি ধৰিবা, 

সুৰৰ সুবাসেৰে মোক ৰিণিকিয়াই তুলিবা।

এয়াই তোমাৰ ওচৰত মোৰ ,

পাবলগীয়া প্ৰাপ্য সম্বল। 


শান্তা দাস 

লংকা, হোজাই, অসম। 



No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.