তুমি আৰু মই

 তুমি আৰু মই 

*************


তুমি আৰু মই   

স্নিগ্ধ জোনাকত 

সৰজু নদীৰ পাৰত বহি

হৃদয় পখালিম ।


পূৰ্ণিমাৰ জোনাক নিশা 

তোমাক বিচাৰিম  

চন্দ্ৰভাগা নদীৰ পাৰত 

মৰম বিলাম  ।


নৰ্ম্মদাৰ পাৰত

একেলগে খোজ দিম

আঁ‌উসীৰ জোনাকত

নদীৰ পাৰত মৰম যাঁ‌চিম ।


গোদাৱৰী নদী পাৰ হৈ

এৰি অহা গীত জুৰিম

সুৰৰ নতুন ৰহনেৰে 

তোমাক উপহাৰ দিম ।


যমুনাৰ তীৰত বহি 

প্ৰণয়ৰ মালাডাল  গুঠিম 

স্বপ্নীল আকাশৰ তলত

প্ৰণয় জগাই সাবতিম ।


অযোধ্যাত এৰাতি কটাম

সীতাৰ কাহিনী শুনাম 

লক্ষ্মণ পত্নী উৰ্ম্মিলা 

কিয় অৱহেলিত হৈ ৰ'ল ?


কুৰুক্ষেত্ৰ খন দেখুৱাম 

পঞ্চপাণ্ডৱৰ পত্নী দ্ৰৌপদীৰ 

বস্ত্ৰ হৰণৰ দৃশ্যৰে 

ভাগৱান প্ৰেমৰ ব্যাখ্যা কৰিম।


তুমি আৰু মই 

খাজুৰাহো গুহাৰ ভিতৰত 

নগ্ন চিত্ৰ উপভোগ কৰিম

জীৱনৰ কাহিনী শিকিম।


তুমি আৰু মই নিৰলে বহি 

ৰাজ কাৰেঙৰ 

গোপন প্ৰেমৰ কাহিনীৰ 

সঁ‌চা অৰ্থ  ভাঙিম ।


তুমি আৰু মই 

বাগৰুম্বা নৃত্যৰে  হিয়া গলাম

সমন্বয়ৰ কাহিনী বিলাম 

বিচাৰিম তোমাৰ মৰম ।


পাগলাদিয়া নদীয়ে কৰা

দূৰ্দ্দশাৰ কথা ভাবিম

তুমি আৰু মই 

জনতাৰ দুখৰ সমভাগী হ'ম ।


শৈশৱৰ অবুজন ধেমেলি 

কেনেদৰে এৰি আহিলোঁ

বহি লৈ হিচাব কৰিম

চিলা হৈ আকাশত মন উৰাম।


ধনশিৰি নদীৰ বুকুত

তোমাক কাষতে বহুৱাই

নাওৰে পাৰ হৈ আহিম

ভাগাই লম জীৱনৰ কথা ।


তুমি আৰু মই 

ভোগদৈ নদীৰ পাৰত বহি 

মেমেৰা মেধিৰ সাধু শুনাম 

শুনি ভাল লাগিব তোমাৰ।


জেৰেঙা পথাৰৰ 

জয়াৰ কাহিনীৰ কম

চকুপানী নিগৰি আহিব

হুক হুকাই কান্দিবা তুমি।


তুমি আৰু মই 

মাজুলী ফুৰিম মাজুলী ঘূৰিম

সংস্কৃতিৰ বৰ পথাৰত 

কৃষ্টিৰ অৱদান সুঁ‌ৱৰিম ।


দিচাং মুখৰ চাং ঘৰত 

ঐনিতমৰ সুৰ শুনিম 

আপংৰ সোৱাদভৰা নিচাত 

বিহু নাচ নচুৱাম তোমাক ।


ডিগবৈৰ পনীয়া সোণ 

মাৰ্ঘেৰিটাৰ ক'লা সোণৰ 

বিষয়ে হাতত হাত ধৰি বুজাম

এই খন অসম জননী আমাৰ ।


সেউজীয়া চাহ গছৰ মাজত

চামেলীৰ লগত ঝুমুৰ নৃত্য

তোমাক শিকাম 

এবুকু হিয়াভৰা মৰম যাঁ‌চিম ।


তুমি আৰু মই 

পথৰ পথিক হৈ খোজ দিম

সুখ দুখৰ বৰমজীয়াত 

হাঁ‌হি কান্দোন শোৱণি কোঠাত।


তুমি আৰু মই 

জীৱন প্ৰাপ্তিৰ শেষ সীমা

নিশ্চয় চুমগৈ এদিন

অন্তিম যাত্ৰাৰ কাষ চাপিম ।

==================

অনন্ত কুমাৰ ভূঞা


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.