শৈশৱৰ স্মৃতি

শৈশৱৰ স্মৃতি




তোমাৰ চকুৰ পতাত

শৈশৱৰ নিষ্পাপ সৰলতা

কপিলী নদীৰ বলুকাত

শৈশৱৰ সপোনৰ বালিঘৰ সজা,

নৈ পাৰৰ ঘাঁহনি ডৰাই

এতিয়াওঁ তোমাৰ কথাকে সোঁৱৰাই দিয়ে,

তোমাৰ শৈশৱৰ মনটোত

গোটেই ধৰনীখনৰ গাওঁখন

নিজৰেই ঘৰ যেন অনুভৱ হয়।

সকলোৱে ঘৰৰ বাৰীৰ চোতালবোৰ

একো একোখন যেন খেল পথাৰ

তামোলগছ ,নাৰিকলৰ গছবিলাকত উঠি যেন

আকাশৰ ওপৰৰ পৰা তুমি চাব বিচাৰিছিলা

তলৰ পৃথিবীখন

তলত 'হৰি' 'হৰি' বুলি

ককা আইতাৰ গালি শপনি,

তাহানিৰ দিনৰ কথাবোৰ

মনত পৰেনে তোমাৰ

শৈশৱৰ দলটোৱে সুঁহুৰি মৰা

একমাত্ৰ চকুৰ ইঈিতেৰে

মাতিছিল তোমাক ।

একমাত্ৰ ল'ৰালি মাৰ্বল খেলা মনত পৰেনে তোমাৰ,

সেই যে ছাগলী পোৱালীটো পিছে,,পিছে

শৈশৱৰ অফুৰন্ত ইচ্ছাবোৰ

দৌৰি ফুৰিচিল ইফালে সিফালে শৈশৱৰ স্মৃতি হৈ

এইয়া জানোঁ নহয় 

শৈশৱেই স্মৃতি আমাৰ

সমগ্ৰ জীৱন

শৈশৱৰ মধুৰ স্মৃতিৰে কটাও

কঠিন বৰ্তমান

শৈশৱ আমাৰ 

সপোনৰ ভবিষ্যত ।

শৈশৱৰ এলবাম খুলিলে

সকলোৱে চাগৈ জীৱনটো একেই,

প্ৰাপ্তবয়স্কৰ ৰঙীন ফটোবোৰ যেন ক'লা বগা লাগে

শৈশৱৰ ফটোবোৰ যেন

ৰঙেৰে জিলিকে।



অজন্তা দও বৰা


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.