এটি_সূৰুযৰ_সন্ধান_বিচাৰি

 এটি_সূৰুযৰ_সন্ধান_বিচাৰি



                                                                                 সবিতা বেগম


স্তব্ধতাৰ বুকুত নিৰ্জনতাৰ সুযোগ লৈ 

নিৰ্মম সময়ে চাই ফুৰে

মোক কুটিল দৃষ্টিৰে 

আৰু নিলাজ ৰাতিটোয়ে 

থমকি থমকি নিক্ষেপ কৰে 

তাৰ বাসনাৰ কা‍ঁড়।

মোৰ দীঘল শ্বাসৰ সতে 

নিৰ্গত ধোঁৱাৰ কুণ্ডলী , 

মই বাৰুকৈ ক্লান্ত , 

ক্ষন্তেক জিৰণিৰ হেজাৰ নিবেদনও 

বুজাব নোৱাৰিলোঁ 

অপৰাধী মনটোক। 

আজি মই পথহীন , 

উত্তৰহীন অসহায় 

সমুদ্ৰ অভিযাত্ৰী চকু দুখনি । 

সময়ৰ বিৱৰ্তনত প্ৰশ্নৰ দোতাৰা বজাই বজাই,  একেবাৰেই পংগু। 

উত্তৰ বিচাৰি অতিক্ৰম বহু দিগন্ত 

তথাপি ....!!!


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.