আতঁৰি আহিম
আতঁৰি আহিম
য'ত মোৰ ভুলেই নাই
তাৰ পৰাও আঁতৰি আহিম,
এদিন মিচিকিয়া হাঁহিৰে
অভিনয়ৰ মুখখন লৈ ।
মোক শুদ্ধ বুলি প্ৰমাণিত কৰাৰ
অজস্ৰ প্ৰণাম থকাৰ পিছতো...
মোৰ আত্মসন্মানৰ প্ৰাধান্যৰে
পিছলৈ আগবঢ়াম দুখন ভৰি।
হৃদয়খন বিষাদেৰে ভাঙি পৰিলেও
নিজ জ্ঞানৰ চিন্তা-ভাবনাৰে...
আনৰ সুখৰ আগত কেতিয়াও
মোৰ দুখৰ উক্তি ডাঙি নধৰিম।
এদিনাখন আপোনবোৰেই আঙুলিয়াই দিব
মই কিমান ভুল মানুহ,
মোৰ কোমল শান্ত হৃদয়খন
সেইদিনা কোনেও অধ্যায় নকৰিব।
মইও নিজৰ বিশ্বাসৰ প্ৰতি লক্ষ্য কৰি
দুচকুৰ আগৰ ক্ৰন্দনৰ অশ্ৰু মুচি...
তৰ্ক-বিতৰ্কৰে বহলাই জীৱন গঢ়াতকৈ
আতঁৰি আহিম সকলোৰ সুখৰ বাবে।
শিল্পী দাস
No comments