আজি তাইক দেখিলোঁ

 আজি তাইক দেখিলোঁ  



                              (খণ্ড :- ১)


আজি তাইক দেখিলোঁ। ৰঙা চুৰিদাৰ চকুত চশমা,হাতত দামী ঘড়ী,লগতে দামী ব্ৰেণ্ডেড মোবাইল।যেন কোনোবা চলচিত্ৰৰ অভিনেত্ৰী। সন্মুখত যোৱাৰ সাহস নাছিল মোৰ। গতিকে, দূৰৰ পৰাই চাই তপ্ত হৃদয়ক তৃপ্ত কৰালোঁ। কিন্তু, শাস্ত্ৰত কথা এটা আছে, "ঈশ্বৰৰ লিখন নহয় খণ্ডন" আৰু এই কথা যেন মোৰ লগতে হাড়ে-হিমজুৱে মিলিছে,,,,,।


      হঠাৎ তাই মোক মাতিব ধৰিলে। মই সংকোচবোধ কৰি তাইৰ সন্মুখত থিয় হলোঁ। যদিও তাইলৈ চোৱা নাছিলো, 

চালেই যদি মুগ্ধ হৈ যাওঁ। এইখিনিতে তাই মোক ওচৰতে বহিবলৈ ক'লে। মই বহোনে-নবহো কৈ শেষত বহিলোঁ। বহিব লওঁতেই তাই ডাইৰেক্ট মোক সুধিলে,

"তোমাৰ গার্লফ্রেণ্ড আছে নেকি?"

মই থুতগোল খাই উওৰ দিলোঁ, "নাই বুলি "।

তাৰ পাছত যেনেতেনকৈ বহিলোঁ আৰু লগতে বুকুত ধপধপনিও উঠিব ধৰিছে। হাত ভৰিৰ পৰা যেন মোৰ কনট্রোল নাইকীয়া হব ধৰিছে। মই কি কৈ আছোঁ মই নিজেই নজনা হলোঁ। তাৰ ওপৰি তাইৰ চকুৰ লাজুক চাৱনি। ওঃফ কি আৰু কম মোৰ যেন মাতেই নোলোৱা হৈছে। একো কথা নোকোৱাকৈ আমি দুয়ো বহু সময় ধৰি বহি থাকিলো। প্রায় আধা ঘণ্টা মান পাচত মই তাৰ স্বাস্থ্যৰ বিষয়ে সুধিলোঁ,  " তুমি ভাল নে বুলি ?" তাই উত্তৰত ভাল বুলি কৈছে। আমি দুয়ো এনেদৰে লাহে লাহে কথা কোৱা আৰম্ভ কৰিলোঁ। আৰু কেতিয়া যে মই তাইৰ কথাত মুগ্ধ হৈ গলোঁ মই নিজেই অজ্ঞাত। আচলতে  তাইৰ হৰিণী নয়না দুচকুলৈ চাইয়ে মই সকলো পাহৰিলোঁ। ওৰে দিনটো মই কেৱল তাইৰ কথাকে শুনিলোঁ আৰু প্রতিউত্তৰত হয়/নহয় কৈয়ে কেৱল মূৰটো ঘূৰালোঁ। কেতিয়া যে সূৰ্য্য অস্ত গৈ সন্ধিয়া নামি আহিল মই নজনা হলোঁ। তথাপি মোৰ মন নভৰিল,,,,। শেষত তাই আৰু এদিন দেখা বুলি আশা এটা মোৰ বুকুত ওলোমাই "বাই-বাই, টা-টা" দি গুচি গ'ল,,,,, ।

          আগলৈ---------------------


শান্তা দাস 

লংকা, হোজাই, অসম 

দিনাংক:- 2/9/2023


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.