মৃত্যু

 মৃত্যু




মৃত্যু আহি  যদি মোৰ  দুৱাৰদলিত থিয় দিয়েহি

মই হাঁহি হাঁহিয়েই মৃত্যুক

আকোঁৱালি লম সেই মূহুৰ্ততে

কাৰণ মৰি মৰি জীয়াই থকাতকৈ

মৃত্যুয়েই শ্ৰেয় বুলি ভাবো মই।

সকলো স্বাৰ্থপৰ এই পৃথিৱীত

কি পাইছোঁ অতদিনে জীয়াই থাকি

আনৰ বাবে সকলো কৰি চোন

শেষত মইয়ে এলাগী হও।

কোনোবাই যদি মোক

সুখৰ সংজ্ঞা সুধিব খোজে

মই উত্তৰত কি কম......?

নিজান ৰাতিবোৰ প্ৰিয় কৰি

জীয়াই থাকিবলৈ জানো

কোনোবাই বিচাৰে

কিন্তু সময়ে মোক নিঃসংগ কৰি পেলালে

নিৰৱতা প্ৰিয় হৈ পৰিলো

চিৰদিন চাগে বিষাদতে বুৰ গৈ

এদিন হেৰাই যাম মৃত্যুৰ গহ্বৰত

সেয়ে মৃত্যুক আকোঁৱালি ল'বলৈ মোৰ ভয় নলগা হ'ল।


দিপশিখা

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.