শৈশৱৰ স্মৃতি

 শৈশৱৰ স্মৃতি



                                                   জিলমিল কাশ্যপ


 কত হেৰাই গ'ল সেই সোণোৱালী দিন, 

কত হেৰাই গ'ল মাৰ আঁচলত ধৰি ফুৰা পদূলি, 

কত হেৰাই গ'ল আইতাৰ সতে নাম গোৱা সেই গধূলি, 

কত হেৰাই গ'ল ?? 


কত হেৰাই গ'ল দেউতাৰ কোলাত উঠি ঘূৰি ফুৰা গাঁওখনি, 

কত হেৰাই গ'ল সদায় ককাৰ লগত যোৱা সেই নামঘৰটি, 

কত হেৰাই গ'ল সমনীয়াৰ সৈতে খেলা সেই ধুলিবোৰ,

কত হেৰাই গ'ল পুখুৰীত সাঁতুৰি নাদুৰি জপিয়াই ফুৰা সেই দিনবোৰ,

কত হেৰাই গল সেই সময়বোৰ?? 


আকৌ কেতিয়াবা উভতি যাবলৈ মন যায় সেই দিনবোৰলৈ, 

জীৱনৰ মৰীচিকা খেদি ফুৰা দিনবোৰলৈ, 

শৈশৱৰ সেই সোণোৱালী দিনবোৰলৈ, 

আকৌ উভতি যাবলৈ মন যায়। 


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.