সহযাত্ৰী

                সহযাত্ৰী 



                কিশোৰ কুমাৰ কলিতা




মানুহৰ ব্যস্ততা বৰকৈয়ে বাঢ়িছে। আনৰ বাবে ভবাৰ একেবাৰে অৱকাশ নোহোৱা হৈছে। ব্যস্ততাৰ অজুহাতবোৰো ক্ৰমশঃ শকত হবলৈ ধৰিছে। আচলতে এতিয়া আপোন মানুহৰ সংজ্ঞাই বা কি ! এতিয়া মানৱতাৰ সংজ্ঞাও যেন সলনি হবলৈ ধৰিছে। আগৰ দিনত ভাই- ককাই সকলোৱে মিলি একেলগে থকাৰ বাবেই ককা- আইতাই এখন ঘৰ সাজিছিল, হেপাঁহৰ ঘৰ। চাৰিওফালে ঘৰ, তাৰ মাজতে সুন্দৰকৈ থকা চোতালখন সকলোৰে বাবে মুকলি আছিল। জীৱন ধাৰণৰ পৰা আৰম্ভ কৰি আত্মিক উপলব্ধিৰে সময় অতিবাহিত কৰাৰ চালিকা শক্তি আছিল এই চোতালখন। যত ককা- আইতাৰ পৰা নাতিলৈকে সকলোৱে আপোন অনুভৱেৰে একেলগেই এইখন চোতালতে বহি দিন ৰাতিবোৰ সহযাত্ৰী হৈ পাৰ কৰিছিল। আত্মিক উপলব্ধিৰে সকলোৰে হৃদয়ৰ দূৰত্ব শূন্য আছিল। য'ত কোনো কৃত্ৰিমতা নাছিল, আছিল মাথোঁ সহযাত্ৰাৰ অন্য এক পুৰাতন বাসনা। আজিকালি মানুহে ঘৰ এটাই সাজে ; কেৱল নিজৰ বাবে। ধুনীয়াকৈ সাজি লোৱা চোতালখনো ঘৰটোৰ সমুখতে থাকে; আনে দেখাকৈ। চোতালখনৰ চৌদিশে ধুনীয়া ধুনীয়া ফুলৰে ভৰাই ৰাখে, অথচ সুখ দুখৰ আলাপেৰে সহযাত্ৰী হবলৈ নাথাকে ধুনীয়া হৃদয়ৰ আপোন মানুহবোৰ। এতিয়া যেন লাহে লাহে আমিবোৰ মই হৈ গৈ আছো। আত্মকেন্দ্ৰীক উপলব্ধিয়ে যেন মন মগজু শিপাই গৈছে। য'ত মানৱতা, আত্মীয়তা এইবোৰৰ কোনো মূল্যই নাথাকে। জীৱন কেন্দ্ৰীক সহযাত্ৰাৰ বাবে আমি যেন কোনোৱে কাৰোবাবে দিবলৈ হাতত সময় নোহোৱা হৈছে।

                চিৰাচৰিতভাৱে দিন ৰাতিবোৰ আগৰ দৰেই অতিবাহিত হৈ আছে। যান্ত্ৰিকতাৰ পৃথিৱীত এতিয়া মাথোঁ পাখি লগা সময়হে দ্ৰুত গতিত সলনি হৈছে। সময়ৰ সোঁতত মানুহৰ ধ্যান ধাৰণাও সলনি হৈছে। পৰিণতিত ঘৰবোৰ বেছি ধুনীয়া আৰু নিৰাপদ হৈছে ; অথচ আপোন মানুহৰ বাবে সেই ঘৰবোৰত একলগে থকাৰ বাবে ঠাইৰ অভাৱ হবলৈ ধৰিছে। আজিকালি বৃদ্ধাশ্ৰম নামৰ শব্দটোৰ প্ৰয়োগো সঘনাই উচ্চাৰিত হবলৈ ধৰিছে। আপোন মানুহৰ হৃদয়ৰ দূৰত্ববোৰ এতিয়া যেন অসীমৰ সীমা। এৰা, সময়ৰ সোতত সচাকৈয়ে আমিবোৰ মই হৈ গৈ আছো।  

              অকলশৰীয়াকৈ কটোৱা মূহুৰ্তবোৰত গৌতমক পেহীয়েকৰ কথাই প্ৰায়ে জুমুৰি দি ধৰে। আজিও গভীৰ নিশা সি চাদৰ ওপৰত আৰামী চকীখনত বহিছে। পেহীয়েকৰ কথাবোৰ মনলৈ আহিছে। অথচ  যান্ত্ৰিকতাৰ পৃথিৱীখনত দিনে নিশাই দৌৰি ফুৰা আপোন মানুহবোৰক সি বুজাব নোৱাৰে। জাত -পাতৰ প্ৰাচীৰতকৈও এতিয়া যেন ধনী দুখীয়াৰ প্ৰাচীৰেহে আমিবোৰক হৃদয়হীন কৰি পেলাইছে। ধনী দুখীয়া নিৰূপণৰ তুলাচনীখন এচামে মোনাখনত ভৰাই কান্ধত ওলমাই লৈ বোজা এটাৰ দৰেই নিজৰ অলক্ষিতে বুকুৰ মাজত সংগোপনে যেন অহৰহ কঢ়িয়াই ফুৰিছে। এৰা, জাত পাত অজুহাতহে মাথোঁ; আজি ধনী দুখীয়াৰ বিচাৰৰ বাবেই সমাজ বিপথে পৰিচালিত হবলৈ ধৰিছে। গৌতমে কথাবোৰ ভাবি বহু সময় অকলশৰীয়াকৈয়ে কটায়। তাৰ আপোন মানহবোৰেই এতিয়া স্বৰ্থপৰ। কেৱল নিজৰ নিজৰ পৰিয়ালক লৈ ব্যস্ত। পৰিয়াল মানে পতি পত্নী আৰু সন্তান। এয়াই আজিৰ ভদ্ৰ সমাজৰ বেছিভাগ মানুহৰেই পৰিয়ালকেন্দ্ৰীক চিন্তা। 

               এৰা, সম্ভ্ৰান্ত পৰিয়ালত জন্ম হোৱা গৌতমৰ পেহীয়েক এগৰাকীয়েই আছিল। পেহীয়েকৰ কথা মনলৈ আহিলেই তাৰ মনৰ আকাশখন গোমা হৈ পৰে। বুকুৰ কোনোবাখিনিত বেনামী বিষাদে হেচা মাৰি ধৰে। সিহঁতে শৈশৱতেই মাকৰ পৰা শুনিবলৈ পাইছিল; নীচ জাতৰ লৰালৈ যোৱাৰ বাবেই পেহীয়েকক হেনো ভাই - ককাই সকলোৱে এলাগি কৰিছিল। অৱশ্যে তাৰ মাকে দেউতাকক কৈ মনে মনে হলেও সম্পৰ্ক ৰক্ষা কৰিবলৈ চেষ্টা চলাই আহিছিল। দেউতাকেও ককায়েহতৰ ভয়ত মুকলিকৈ ভনীয়েকৰ সতে সম্পৰ্ক ৰক্ষা কৰাৰ সাহস গোটাব পৰা নাছিল। গৌতমে ডাঙৰ হোৱাৰ পিছত ঘৰৰ মানুহবোৰৰ সমুখত মুকলিকৈয়ে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু এটা সময়ত পেহীয়েকৰ সতে মুকলিকৈয়ে সম্পৰ্ক ৰক্ষা কৰিছিল। তাৰ বাবে আপোন মানুহৰ বহুতৰে পৰা সি কটু কথাও শুনিছিল। বিধৱা পেহীয়েকে তিনিজনী কন্যা সন্তান বুকুত লৈ বহু কষ্টৰে সিহঁতক ডাঙৰ দীঘল কৰিছিল।  আৰ্থিক দৈন্যতাত ভোগা পৰিয়ালটোক গৌতমে মাজে মাজে সহায়ো কৰি আহিছিল। কিন্তু বিধিৰ বিপাক, পেহীয়েক এদিন কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হবলগা হৈছিল। বংশ পৰিয়ালৰ কোনোৱে খৱৰ লোৱা নাছিল। কেৱল নীচ জাতৰ হোৱাৰ বাবেই পেহীয়েকক অৱহেলা কৰিছিল বুলি আগতে সি ভাবিছিল যদিও এতিয়া তেনেকৈ নাভাবে। প্ৰকৃততে পেহীয়েক দুখীয়া হোৱাৰ বাবেহে অৱহেলিত হোৱা বুলি সি অনুভৱ কৰে। বাস্তৱ দৃষ্টিভংগীৰে চাবলৈ গলে কথাবোৰ সচা ; নীচ জাতৰ বুলি কোৱাটো কেৱল অজুহাত। 

                 গৌতমে যিমান পাৰে পেহীয়েকৰ চিকিৎসাৰ ব্যৱস্থাও কৰিছিল। অৱশ্যে তাৰ মাক দেউতাকেও মনে মনে সহায়ৰ হাত আগবঢ়াইছিল। তথাপিও এদিন নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি পেহীয়েকে ইহ সংসাৰৰ পৰা অকালতে বিদায় লৈছিল। আত্মীয় সকলোৰে পৰা কেৱল অৱহেলিত হৈয়ে তেওঁ আতৰি গৈছিল। এইদৰে অৱহেলিত হোৱাৰ কাৰণ জাত পাতেইনে ! এৰা, গৌতমৰ বিবেকে কেতিয়াও মানি লব নোৱাৰে। পেহীয়েকৰ অসুখৰ যন্ত্ৰণাতকৈও যেন আপোন মানুহৰ অৱহেলাইহে তেওঁক বেছিকৈ যন্ত্ৰণা দিয়া বুলিও সি অনুভৱ কৰে। তথাপিও আপোন মানুহবোৰক বুজাব নোৱাৰে। এৰা, সি বুজাব নোৱাৰে। আৰু, আৰু বিধিৰ কিযে বিপাক, হঠাতে মৃত্যুৰ খৱৰ পোৱা গৌতমে সেইদিনা আগৰে পৰা লাগি থকা কামৰ ব্যস্ততাৰ বাবেই মৃতদেহটো চাবলৈও যাব নোৱাৰিলে। নিষ্ঠুৰ নিয়তিৰ কিযে পৰিহাস ! উপায়বিহীন হৈও  সি নিজৰ দায়িত্ব আৰু কৰ্তব্য দূৰৈৰ পৰাই পালন কৰা চেষ্টা কৰিছিল। ফোনেৰে যোগাযোগ কৰি হলেও সহায়ৰ হাতখন আগবঢ়াই মৃতকৰ কামবোৰত সহযোগিতা কৰিছিল। মৃতকৰ সৎকাৰৰ সময়তো সিহঁতৰ আপোন মানুহ কোনো যোৱা নাছিল। পিছত এদিন গৌতমে তালৈ যোৱাৰ লগে লগেই গাৱঁৰ মানুহবোৰে তাৰ সমুখতেই খুব বেয়াকৈ সমালোচনা কৰিছিল। বংশ পৰিয়ালৰ সকলোকে তিৰষ্কাৰ কৰিছিল। সি লাজতকৈও খুব বেয়াকৈ অপৰাধবোধত ভুগিছিল। পেহীয়েকৰ কথা মনলৈ আহিলেই তীব্ৰ অপৰাধবোধে তাৰ মন মগজু খুলি খুলি খায়। অথচ সি আজি অসহায়। এৰা, আজিৰ দিনতো মানুহ এনেকৈ অৱহেলিত হব লাগেনে  ! এদিন জাত পাত বাচ বিচৰ, আৰু আজি ধনী দুখীয়াৰ প্ৰাচীৰ...... !

                   অপৰাধবোধত ভুগি গৌতমে সেইদিনাৰে পৰা আৰু তালৈ যোৱা নাই। মনলৈ আহিলেই মাথোঁ নিজকে বৰ দোষী দোষী অনুভৱে তাৰ মন মগজু খুলি খুলি খায়। আজিৰ দিনতো জাত - পাতৰ বাচ- বিচাৰ বাৰু আছেনে ! এফালে বংশ পৰিয়ালৰ সকলো মানুহ, আনফালে সি অকলে। তথাপিও, সচাক সচা বুলিয়েই সি নিজৰ ধ্যান ধাৰণাৰ ওপৰত অটল হৈ আছে। সচাক দৃঢ়তাৰে সচা বুলি কবলৈ , প্ৰতিবাদ কৰিবলৈ সাহস আৰু সততা তাৰ আছে। অথচ সি এতিয়া পেহীয়েকহতৰ ঘৰলৈ যোৱাৰ বাবে এতিয়া সাহসৰ অভাৱ হৈছে। তীব্ৰ অপৰাধবোধত আজি সি জৰ্জৰিত। প্ৰকৃতৰ্থত জাত পাতৰ প্ৰাচীৰখনতকৈ ধনী দুখীয়াৰ প্ৰাচীনখনৰ বাবেহে পেহীয়েক এইদৰে অৱহেলিত হোৱা বুলি ভবা গৌতম আজি অসহায় হৈ পৰিছে। 

                  আপোন মানুহবোৰেই এতিয়া দুখৰ সময়ত সহযাত্ৰী হব নোৱাৰে। নোৱাৰে নহয়, প্ৰকৃতাৰ্থত নোখোজে। গৌতমে অনুভৱ কৰে, সময় সলনি হৈছে ; মানুহ সলনি হৈছে। সময়ৰ সোঁতত দৌৰা আমিবোৰে যান্ত্ৰিকতাত ডুব গৈ পাহৰি পেলাইছো আপোন অনুভৱৰ অনুৰণন। কোনোৱে এতিয়া কাৰোবাবে সহযাত্ৰী হোৱাৰ অৱকাশ নাই। চাদৰ ওপৰত আৰামকৈ চকীখনত বহি বহিয়েই সি কথাবোৰ ভাবিছে। গভীৰ নিশা অস্ত আকাশত আউসীৰ জোনটোৰ পোহৰো যেন ম্লান হবলৈ ধৰিছে। এৰা, আউসীৰ জোনটোৰ দৰেই আমাৰ মনবোৰো সময়ৰ সোতত ম্লান হৈ গৈছে নেকি বাৰু ! গৌতমে বহু কথাই ভাবে ; অথচ বাস্তৱ জীৱনত সেইবোৰৰ মূল্যায়ন বেলেগধৰণে নিৰূপণ হয় । এনে যান্ত্ৰিক, আত্মকেন্দ্ৰীক, স্বাৰ্থপৰ জীৱন গৌতমে কেতিয়াও বিচৰা নাই। অথচ সি একো কৰিবও পৰা নাই। এৰা, গৌতম আজি অসহায়.....  ! 

                 কথাবোৰ ভাবি থাকোতেই নিশাটোৰ অধিকাংশ সময় কেনেকৈ পাৰ হৈ গল সি গমেই নাপালে। দীঘলকৈ হুমুনিয়াহ কাঢ়ি সি বহা পৰা উঠি চাদৰ পৰা নামিবলৈ ধৰিছে। দেউতাকে আটোমটোকাৰীকৈ  সজা অট্টালিকাটো বগোৱাৰ বাবে থকা নিৰাপদ চিৰিৰে সি এখোজ দুখোজকৈ নামি আহিল । এৰা, বিছনাখনত বাগৰ দি দেহটোৰ বাবে সি জিৰণি লব পাৰিব। কিন্তু মনৰ জিৰণি হব নে নাই সি নাজানে। তথাপিও, তথাপিও কথাবোৰ ভাবি ভাবিয়েই গৌতমে বিছনাখনলৈ বুলি এখোজ দুখোজকৈ বাট পোনালে। সি আজি মৰ্মে মৰ্মে উপলব্ধি কৰিছে। এৰা, আজিৰ দিনত সহযাত্ৰী বুলিবলৈ কোনোৱেই নাই.... !


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.